পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/৩১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২৯২ অসমীয়া সাহিত্যৰ চানেকি। বুলিব নোৱাৰি। এতেকে এই দেশত শিক্ষাৰ উন্নতি নোহোৱাৰ বাবে ইয়াৰ শিক্ষা প্ৰণালীকে আৰু অসমীয়া মানুহৰ আবশ্যকতা সম্পৰ্কে গবৰ্ণমেণ্টৰ অজ্ঞতাকেহে দুষিব লগীয়া বুলি আমি ভাবিছোঁ। | বহু আগৰ পৰা যদিও ভাটিৰ দেশৰ মানুহ আসাম দেশলৈ আহযোৱা কৰিছিল, তথাপি এই দেশে সইতে, দুৰ্গম পথৰ নিমিত্তেই হওক কি অইন কাৰণ গতিকেই হওক, ভাৰতবৰ্ষৰ আন আন দেশৰ যে ঘন সম্বন্ধ নাছিল এই কথা নেমানি থাকিব নোৱাৰি। এতিয়ালৈক বঙ্গদেশত এনেকুৱাহে বিশ্বাস আছিল যে বঙ্গালী মানুহ আসামলৈ আহিলে ভেৰা ছাগলী হই যায়। এই বিশ্বাস সঁচাই হওক বা। মিছাই হওক, আসাম যে দুৰ্গম ঠাই এই কথা বাঙ্গালীৰ মনত আজিলৈকে বিশ্বাস। এই বিশ্বাসৰ গতিকেই সহজে বঙ্গালী মামুই এই দেশলৈ আহিব নোখোজে। সুশিক্ষিত বঙ্গালী যদি নিজ দেশত এশ টাকা আৰ্জিবলৈ পাৰে, তেনেহলে দুশ টাকাৰ নিমিত্তেও যে আসামলৈ আহিব নোখেজে, এই কথা গবৰ্ণমেন্টে নেজানিলে নেজানিব পাৰে, কিন্তু সকলো বঙ্গালীযে জানে। আসামত যি উচ্চ শিক্ষা হইছে সি মাথোন বঙ্গালীৰ মুখে পঢ়িয়েই হইছে, আৰু ভালেদিনলৈকো বঙ্গালীয়ে শিখালেহে অসামত উচ্চশিক্ষা হব। তেনেহলে সুশিক্ষিত বঙ্গালী মানুহক যিহতে এই দেশলৈ আনিবলৈ সুচল হয় তাৰেহে পুৰুষাৰ্থ কৰিব লাগে। আমাৰ স্থানীয় গবৰ্ণমেন্টে এই বিষয় কিমান পুৰুষাৰ্থ কৰিছে আমি ক'ব নোৱাৰে।। কিন্তু স্কুলৰ এতিয়াৰ শিক্ষক বিলাকলৈ চাই আমাৰ এনেহে মনে ধৰে যে সেই বিষয় গবৰ্ণমেন্ট একেবাৰে উদাসীন। ভাল শিক্ষকৰ ওপৰত যে স্কুলৰ সকলো আশা ভৰসা, গবৰ্ণমেণ্টৰ এই বিশ্বাস নাই বুলিহে যেন পতিয়াব লাগা হইছে। সেই বিশ্বাস থকা হলে আসামৰ স্কুল বোৰত অৰ্ধ শিক্ষিত শিক্ষকৰ সংখ্যা ইমান সহৰ নহল হেতেন। বঙ্গদেশৰ হাই স্কুল বোৰ তলৰ শিক্ষকবোৰও বিশ্ববিদ্যালয়ৰ ওখ উপাধি পোৱা মানুহ; কিন্তু আসামত প্ৰবেশীকা পৰীক্ষাত উঠা মানুহ হলেই উচ্চ শ্ৰেণী বোৰতও শিক্ষা দিবলৈ তাক যোগ্য বুলি ভাবে। যি দেশত শিক্ষকৰে উচ্চশিক্ষা নাই, তাত উচ্চশিক্ষা ক’ৰ পৰা হব? সুশিক্ষিত মানুহ অনাবৰ নিমিত্তে গবৰ্ণমেন্টে অলপমান খৰচ কৰিব খুজিলেই পাৰে, কিন্তু সেই খিনি খৰচ কৰিবলৈ আগ নাবাঢ়ে। যিমান দৰমহাত বঙ্গদেশৰ স্কুলত সুশিক্ষিত বঙ্গালীয়ে কাম কৰিব, তিমান দৰমহাত, কি তাতকৈ অলপ সৰহ দিলেও সেই বঙ্গালীয়ে আসামত আহি কাম নকৰে, ইয়াৰ এটা কাৰণ, আগয়ে কোৱা হইছে, এই যে, আসাম দুৰ্গম আৰু মৰগ ঠাই বুলি বিখ্যাত। তাত বাজে আৰু এটি মুল কাৰণ আছে যি নিমিত্তে