পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/৩১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২৯৪ অসমীয়া সাহিত্যৰ চানেকি। নহলেও, পাৰ্গতালি, ব্যুৎপত্তি আৰু টেঙৰালিত নিজতকৈ ওখ বিবেচনা হয়। দু্য আৰু অশুধ শিক্ষাৰ ফল জীৱনত কেতিয়াও গাৰ পৰা জোকাৰি পেলাব নোৱাৰি। সি সদাই গাত লাগি থাকি উন্নতিৰ বাটত কাইটৰ নিচিনা হই আমাক আগুয়াব নিদিয়ে, সেই দেখিহে আমি কইছে। যে যেতিয়ালৈকে উচ্চশিক্ষাৰ গুৰি ঠাই যি হাইস্কুলবোৰ তাত উপযুক্ত শিক্ষক সুমাবলৈ পুৰুষাৰ্থ নকৰে তেতিয়ালৈকে এই দেশত শিক্ষাৰ উন্নতি নহয়, সুফল নোলায়। স্কুলৰ শিক্ষকৰ দৰমহা বঢ়াই নকৈ শিক্ষক আনিলে ভালেমান খৰচ হব বুলি গবৰ্ণমেন্টে সেই পিনে আগ নাবাঢ়িব পাৰে। খৰচৰ পেৰাৰ কাঠি আমাৰ হাতত নাই, এতেকে ধনে নাটা বুলিলে আমাৰ একো কবলগীয়া নাই। ধনৰে যদি ইমান অকুলন, তেন্তে যিখিনি উচ্চশিক্ষাৰ নামে এতিয়া পানীত পেলোৱা যায়, স্কুল কেইটা উঠাই দি সেই খিনি ধন সচিলেই ভাল। তাবে ধনও সাঁচা হব আৰু অশ্ৰুধ শিক্ষাৰ কুফলৰ পৰা ল'ৰাবোৰক- ও আঁতৰোয় যাব। বা তিমান দূৰলৈ নগই আৰু এটি বন কৰিব পাৰি। এতিয়াৰ হাইস্কুল বিলাকক মাইনৰ স্কুল কৰি ব্ৰহ্মপুত্ৰ উপত্যকাৰ জিলা কেখনৰ মাজত মুঠে এটা হাইস্কুল পাতিলে এতিয়া খৰচ কৰা ধনেৰেই ভালকৈ জুৰিব। ইয়াৰ দ্বাৰাই এই ফল হব যে এতিয়াতকৈ তাকৰ ল'ৰাই উচ্চশিক্ষা পাবলৈ আগবাঢ়িব। এই ফল যদিও শোচনীয়, তথাপি যি দুই এজনে আগবাঢ়ে, তাৰ যে সুশিক্ষা হব এইটো ঠিৰাং কৰি কব পাৰি। অশিক্ষিত হই থাকাও ভাল, কিন্তু যি শিক্ষাৰ দোষে আমাৰ দেশৰ সুশিক্ষিত বোলা মানুহবোেৰেও উন্নতিৰ পথত আগুয়াব নোৱাৰে, যি শিক্ষাৰ দোষে কলেজৰ পৰা ওলালেই আমাৰ মানুহৰ আয়াস নিস্তেজ হবলৈ ধৰে, যি শিক্ষাৰ দোষে আমাৰ সুশিক্ষিত বোলা ডেকা কিছুমানৰ আৰ্হি চাই সাধাৰণৰ মনত উচ্চশিক্ষাৰ হতাদৰ হয়, যি শিক্ষাৰ দোষে আমাৰ শিক্ষিত মানুহ ইংৰাজৰ মনত দিনে দিনে ঘৃণাৰ পদাৰ্থ হব ধৰিছে, সেই শিক্ষালৈ প্ৰাৰ্থী হোৱা জাতীয় আত্মহত্যা মাথোন। আসামৰ হাইস্কুল বোৰৰ পৰিবৰ্ত্তন | কি বিনাশ এই দুইৰ এটা লাগতিয়াল হইছে। যুগৰ পিচত যুগ ক্ৰমে বই যাব লাগিছে, এ পুৰুষৰ পিচত আন এ পুৰুষ মৰি যাব ধৰিছে, তথাপি আসামৰ আধামৰা স্কুল বোৰৰ গতিৰ লৰচৰ নাই। একেলগে শিক্ষা পোৱা আন আন দেশত উচ্চশিক্ষাৰ নাতি পুতি হল, আসামত উচ্চশিক্ষাৰ বীজেই পৰা নাই। এই বিষয়ত গবৰ্ণমেন্টে আওকনীয়া ভাব ধৰিলে আৰু নচলাত পৰিছে, স্থিতি অবস্থাত বহুদিন থাকা গল, এতিয়া অলপ গতিৰ আবশ্যক হইছে। কিন্তু সচাকয়ে জানো ধনৰ অনাটনত উপযুক্ত শিক্ষক অনাবৰ উপায় নাই? বাৰু খৰচৰ বহি মেলি চোৱা