পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/৩১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৭.! K?.. । বলিনাৰায়ণ বড়া। ৩০০ উচ্চশিক্ষা। আসাম ভাৰতবৰ্ষৰ পিচ পৰিথাকা প্ৰদেশবিলাকৰ ভিতৰত গন্য। বাস্তবিকে যি দেশত সুশিক্ষিত, ধনী আৰু ব্যবসায়ী মানুহৰ সংখ্যা তাকৰ সি আজি কালিৰ। সভ্য আৰু আগবাঢ়া দেশবিলাকব সমকক্ষ হব নোৱাৰে। অসমীয়া মানুহ অশিক্ষিত আৰু নিৰ্ধনী, এই কথা সকলোৱেই জানে। যি যি কাৰণ গতিকে অসমীয়া মানুহৰ ধন নাইকিয়া হইছে, তাক আসামৰ ইতিহাসৰ পাতে পাতে উলিয়াব পাৰি; কিন্তু কিহৰ নিমিত্তে ইয়াৰ মানুহ অশিক্ষিত, তাৰ কথা আসাম বুৰঞ্জীত বিচাৰিলে পোৱা নেযায়। পাশ্চাত্য শিক্ষা দেশত সোমোৱাৰ ভালেদিন আগেয়ে প্ৰাচ্য সভ্যতা ভাৰতবৰ্ষৰ সকলো দেশতে লুপ্ত হইছিল। এতেকে আগৰ দিনত আসামৰ মানুহ কিমান দূৰ শিক্ষিত আছিল সেই কথাৰ অনুসন্ধান কৰি এতিয়া একো ফল নাই। পাশ্চাত্য শিক্ষাৰ সুফল আসামত এতিয়ালৈকে ফলা নাই কিয়, সেয়েহে সুধিব লগীয়া। ইংৰাজি শিক্ষা এই দেশত প্ৰচলিত কৰা বহুবছৰ হল। তথাপি ইমান দিনে ইংৰাজি শিক্ষাত পাৰ্গত হোৱা অসমীয়া মানুহ ইমান তাকৰ কিয়, এই বিষয় অনুসন্ধান কৰিবলৈ স্থানীয় গবৰ্ণমেন্টে এটা কমিটি স্থাপন কৰা আবশ্যকীয় হইছে যেন বুলিব পাৰি। আজি আড়াই কুড়ি বছৰতকৈও সহদিন ইংৰাজি শিক্ষা দিও যদি আসামত শিক্ষিত মানুহৰ সংখ্যা দুখন হাতৰে আঙুলিৰ মূৰত লিখিব পাৰি তেনে হলে নিশ্চয়, হয়, শিক্ষা প্ৰণালীৰ দোষ, নহয় অসমীয়া মানুহ এনে গাধ যে সিহঁতক শিক্ষিত কৰিবলৈ যিবোৰ স্কুল পাতা গইছে তাক বন্ধ কৰাই ভাল। আমাৰ মনত হলে এনে বিবেচনা নহয় যে আন আন জাতীয় মানুহতকৈ অসমীয়া মানুহৰ বোধ শক্তি বা শিক্ষিত হবৰ ইচ্ছা অলপও কম। যি দেশত সিদিনালৈকে স্বাধীন ৰাজাৰ শাসন আছিল, আৰু সেই শাসন এতিয়াৰ দিনৰ সুসভ্য পাশ্চাত্য শাসনৰ নিয়মত চলিছিল, যি দেশত ৰাজাৰ ক্ষমতা প্ৰজাৰ ইচ্ছাৰে কিছু পৰিমাণে বন্ধা আছিল, যি দেশত সমাজৰ স্বায়ত্ব শাসন প্ৰণালী আজিলৈকে গাঁওএ গাঁওএ চলি আছে, সেই দেশৰ মানুহৰ বোধ শক্তি নিচেই লঘু