পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/২৯৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৭৮
অসমীয়া সাহিত্যৰ চানেকি।

তোমাৰ দৰে অঝা ঝাঁক, তাহ্ণা যমোৰ সৰু ভাক,
পাড়ায় পাড়ায় ফুৰে মানুহ মাৰি।
এনায় কিছু বিদ্যাবান, মুখোত বৈদ্য অমৰ খান,
অজিৰ্ণোত দেই লেঙোৰ বোড়ি॥
কাৰো হলি সনিপাত, গাঙটীৰ ঔষধ দেই তাত;
ঘাও হলি দেই পশুতোৰ দাৰু।
ফোহৰা হলি কাৰাগাৱে, ওকলাৰ দাৰু দেই খুৱে,
অঝা গিলাকৰ গুণ নুই সৰু॥
তেতিযা বৃন্দাৰ কথা শুনি, অঝাদেউ বুলে বাণী,
কিয় নিন্দা কৰা গোযালিনী।
তুমি বা কি বিদ্যাবতী, কোন ভট্টাচাৰ্য্যৰ ছাত্ৰি,
কোন অধ্যাপকোৰ গিৰাতেনি॥
তোমাৰ স্বামী আযান বিদ্যাবান, তাৰ বাগানোতে ইস্কুল তিনখান,
ছা্ত্ৰ গিলা হালুৱা ডামা গাই।
ব্যাকৰণ দধি মথা, তদ্ধিত কাৰক চান্নি উঠা,
সন্ধি সমাস পানী দিয়া দোই॥
স্মৃতি শিকা বাউকা যোৰা, জ্যৌতিষ শাস্ত্ৰ লৰু ধৰাস
সন্ধ্যা গায়ত্ৰী হেলা হেলা কৰা।
তুমি সেই পণ্ডিতোৰ কাখোত শিখছা, সেই গৌৰবে গৌৰব কৰিছা,
বুঝিছৱা অঝাগিলা মানুহ মাৰা॥
ময় জানু কি নাজানু গুণ, অলপমান বোলো শুন,
মোৰ ছাত্ৰ উমাপতি অঝা।
মোৰ সৃজন সকল অমৰ, নৰসিং মন্ত্ৰ নিদান সাগৰ,
নাড়ীচক্ৰ কৰিছু বোঝা বোঝাে॥

পৰিচয় লওৱা বৃন্দা হৰি নাউ মোৰ।
মোক দেখলি মৰং পলৈ আৰু পলৈ মোৰ॥
দেৱো ভুতোৰ কথায় নকাও যদি ময় ঝাৰু।
ভুতনাথকে বাগৰে বাগৰে ভস্ম কৰিবা পাৰু॥
যমকো দেখাবা পাৰু যমোৰ নগৰ।
বিধিৰ লেখা উলটে কৰি্বা পাৰু অমৰ॥