পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/২৯৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৭৯
কলঙ্ক ভঞ্জন।

অমৰকো মাৰিবা পাৰো এটাবান মাৰি।
মোৰ বানোৰ তেজ সবা নৰে ধন্নন্তৰা॥
ইতা কওঁ শুনা যি ৰোগোত যি ঔষধি।
পূৰ্ব্বে বিধিৰ বিধি মোক যেনায় দিছি বিধি॥
পিত্ত হলি ধনালতি পাগে খুৱে দিবা।
কফোত পঞ্চকোল ঝালা ৰোগিক খুৱাবা॥
কফপিত্ত বায়ু যদি সকলে ডাঙ্গাৰ হৱে।
তাকে নিদানোৰ মতে সন্নিপাত কৱে॥
তাতে ৰসায়ণ বোড়ি স্বৰ্ণ সিন্দুৰাদি।
সেবনে ৰুগীৰ নাশ হবে সেই ব্যাধি॥
নাড়ীৰ নাথাকে যদি কফ পিত্ত দোষ।
তাতে যদি দেৱে ধৰাৰ দৰে কৰে ৰোষশ॥
তেবেসে জানিবা ইয়াক সচায় ধৰিছি ভুতে।
আলোনিয়া ঝাৰা ফুকা দিব লাগে তাতে॥

 তেতিয়া—

বৃন্দাবুলে অঝাদেউ জানলু তুমি জানা।
মৰ এটা ৰুগী দেউ ভাল কৰিবা পাৰানা॥
কাৱে নাই অনাখিনী জাতি জিয়ছলি।
সদায় কলা কলা দেখে দুই চখু মুজিলি॥
সখি যহয় চাবে সহয় কলা কলা দেখে।
ঘৰোত থাকিলি মৰে চনবাড়ীত গাকে সুখেে॥
দয়াকৰি যদি দাৰু দিলাহৈ আপনি।
দিবা থবাৰ দিহানাই গোটায় দুঃখিনী॥
যদি বুলা আগে ভাল কৰু নন্দোৰ ছলি।
ঘুৰি আহি পাছত ভাল কৰিম দুখিকা
ইটু বিবেচনা ভাল মানুহৰ নুই ভাল।
ঢাৱা ভগিৰথোৰ কাষে গঙ্গা আহিল ভুতল॥
বাটে বাটে আহাউতে বহুতোক উদ্ধাবিলাক।
তাৰ পাছোত সগৰ বংশোক মুক্ত কোৰি দিলাক॥