পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/২৭৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২৫৯ আমি দুৰ্বলী কিয়। সেই ৰিলাক আছে। ইতৰৰ উপদ্ৰৱ আছে। কুকুৰ শৃগালৰ আবাৱ আছে। হুমুনিয়াহ আছে। ভালৰ কান্দন আছে। শুদা কলহ কাতি:ৈ পাৰি আছে। মঙ্গলব চিন আছে। দৌল দুৰ্গোৎসবৰ ভস্ম আছে। আগৰ কাহিনী কও তা নাই। ভালৰ নাতি পোঁ দুখত পৰি কান্দি উঠিব নোৱাৰা হৈছে। বৰণ হেৰাইছে। বেয়াই তেও বিলাকক উপহাস কবি গুছিগৈছে। কান্দনৰ কাৰণ সুধি পূতো কৰোঁতা কোনো নাই। ৰজাৰ ঘৰ লৈ গল। বৰ ফুকনৰ ঘৰ, কলৈ গল। পাবতীয় গোসাইৰ ঘৰ, নাতি গোসাই, গোসাইৰ ঘৰ, দুৱৰীয়া বৰুৱাৰ ঘব, মজুন্দাৰৰ ঘৰ, বৰ কটকাক ঘৰ, বৰদলৈৰ ঘৰ, কলৈ গল। এই বিলাকৰ ঘৰৰ মহা পুৰুষ বিলাক কণাগল, তেও বিলাকৰ দৰে শিয়াল পলাইছিল। সিহ গল শিয়াল কাহিল। এই শশান ক্ষে এই এতিয়া শিয়ালৰ ৰাজ্য। ঘৰ, ববি, বাট, পদূলি, মন্দিৰবিলাকত যাব চি•। গান গুছিল, বাজনা গুছিল, ভাৱনা গুছিল, নট গুছিল, নটুৱা ছিল, নাচনীয়াৰ গুছিল, ওঝাপালী গুছিল, ধুন গুছিল, পূজা পাৰৰণ ছিল, বঙ্গ তামসা গুছিল, সকলো গুছিল। ইমন অলপ দিনতে ইমান বিলাক গুছিল। গেম ছিল, বেটা বন্দি গুছিল। বন্ধ। লগোৱা লিকচৈ গুছিল। কি আছে? একো নাই। আৰু বা কি হয়। ইমান সোনকালে ভাল গুছি বেয়া হোৱা কোনো দেশত নাই। ইয়াত যেনে হৈছে। হবই পাই। কিয়নো ই দেশ সকলো কথাতেই অসম। উঃ! অসমৰ কি বিষম ভাব। সকলোৱে আমাক এৰা দিলে। কোন এনে পূৰ্ণাভিষেক সাধক আছে য, এই শ্মশানত বহি সাধনা কৰিব। প্ৰভো! দয়াময়! অভাৰৰ ভাৱনা আৰু কিমান দিন ভাবিম। কিমান দিন কান্দিম। হে শ্মশান বাসিনী! সকলো তোমাৰ ইচ্ছা। আমি দুৰ্বলা কিয়। আমি বহুত শাস্ত্ৰৰ অধীনে, সেই দেখি আমি ইমান নিৰ্ববলা। নাইবা প্ৰকৃত শাস্ত্ৰৰ মৰ্ম্ম মতে নচলে। সেই দেখি আমি ইমান নিলা। আমি শাস্ত্ৰ অশাস্ত্ৰ সকলোৰে অধীন, সেই দেখি আমাৰ ইমান বলহীন। প্ৰকৃত শাস্ত্ৰৰ অধীন হৈ অপ্ৰকৃতৰ পৰা মুক্তি লভিলেই আমি বলৱন্ত। তাকে জানিব প্ৰকৃত কি অপ্ৰকৃত কি বাচি লোৱ। জ্ঞানৰ কৰ্ম্ম। শৰীৰত জ্ঞান নহলে, অজ্ঞানে বল কৰে।