পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/২৮০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২৬০ অসমীয়া সাহিত্যৰ চানেকি। আৰু সেয়ে আমাক দুঃখ দিয়ে। দিনে, ৰাতি, বাটে, ঘাটে, ঘৰে, বাহিৰে অজ্ঞানীৰ চলাচল আচাৰ ব্যৱহাৰ। তাকে দেখি শাস্ত্ৰৰ কথা পাহৰি, বা ধৰিব নোৱাৰি অশাস্ত্ৰীয় আচাৰ ব্যৱহাৰ ধৰা যায়। যি চিৰি ব্যৱহাৰ ধৰা, তাক বেয়া বুলি বোধ হলেও অভ্যাসৰ গুণে এৰ৷ টান। এতেকে সি বল কৰে। বেয়াৰ পৰা যি আমাক শাসন ৰাখে, গাল ভাল কৰিবলৈ উপদেশ দিয়ে সেয়ে আমাৰ শাস্ত্ৰ। পিচে আমাৰ যে এতিয়া দিনক দিনে দুঃখ হব লাগিছে, শাস্ত্ৰ মতে নচলাই ঘাই কাৰণ। শাস্ত্ৰৰ বাহিবে শাস্ত্ৰৰ মতে চলাই আমাৰ বল হীনৰ কাৰণ। আমাৰ দুখৰ কাৰণ। বা আমাৰ মুখতা দোষত যেয়ে।য কয় তাকে শাস্ত্ৰ বুলি মানিব লগা হোৱাত ভাল বেয়া বাচি লবলৈ অসম হোৱাত সংসাৰৰ যাত্ৰাত খালে জুলে পৰি দুঃখ পাও। অমাব প্ৰকৃত কৰ্ম্ম কবিবলৈ বল ভাঙ্গে বা আজৰি নেপাও, আমি দিনৰ ভিতৰত কেতিয়াবা হিন্দু, কেতিয়াবা মুচলমান, কেতিয়াবা গৃহা, কেতিয়াবা সন্ন্যাসী। এক শাস্ত্ৰ মতে চলিবলৈ আমাৰ সাধ্য গুচিছে বহু শাস্ত্ৰই আমাক শাসন কৰিছে। বহু কথাই আমাক শাসন কৰি আমাৰ কোনো পিনে উপায় নাই। সি পিনে সেই পিনেই বন্ধন। এই বিলাকেই আমাৰ কৰ্ম্ম বন্ধন। | প্ৰকৃত কৰ্ম্ম আচবি মুক্তি লভিবলৈ এই বন্ধন বিলাকৰ বাবেই নোৱাৰি। যি মহা পুৰুষে এই কৰ্ম্ম বন্ধন বিলাক এৰাইছে। সংসাৰৰ কেল কেলিগৈ কাণ কৰা নাই তেও প্ৰকৃত কৰ্ম্মত এক মতে ভক্তি ভাৰৰ বাবে মুক্তি পাইছে। কৰ্ম্মক নকৰি মুক্তি বাঞ্চিলে মুক্তিক নাপাই। অপ্ৰকত কৰ্ম্মৰ বন্ধন এৰাই ঈশ্বৰৰ কৰ্ম্মত মতি কৰাই মুক্তি। আমি বহুত বাধাৰ অধীন হৈ থকাৰ বাবেই আমাৰ এনে দুৰ্দশা। ৰাধাই কলঙ্ক ভয়ৰ বন্ধন এবিয়য়া এক মনে কৃষ্ণক ভজিলে। সেই দেখি কৃষ্ণৰ প্ৰকৃতি ৰাধা। কৃষ্ণে শত সহস্ৰ গোপীৰ বন্ধন এবাব পাৰিছিল। সেই দেখি কৃষ্ণ ঈশ্বৰ। দ্ৰৌপদীয়ে সত্যৰ অৰ্থে লাজৰ বন্ধন এৰি পাচ পতি ভজিছিল। সেই দেখি তেওঁ সতী। সীতাই সংসাৰৰ ৰাজ সুখব বন্ধন এৰিও স্বামীৰ সহবাস কৰিছিল। সেই দেখি তেও সতী। অৰ্জ্জুনে মোহ শাস্ত্ৰৰ বন্ধন এৰি যুদ্ধত জয় লভিছিল সেই দেখি তেওঁ মহাবীৰ আৰু কৃষ্ণৰ সখা। কৃষ্ণে প্ৰভাস যজ্ঞত ৰাজ বন্ধন এৰিও দুখীয়া আতুৰ গোপীবিলাকক দুৱাৰত আহি দেখা দিছে, সেই দেখি কৃষ্ণ প্ৰকৃত ৰাজা। সকলোতে আছে আৰু একোতে নাই। সেইয়ে সংসাৰত প্ৰকৃত পুৰুষ। যি যত আছে, তাৰ নামিব বা উঠিব নোৱাৰে সি মুখ। যাক এটা বন্ধনেই বান্ধিছে সি নিৰ্বলী। শত বন্ধনেও যাক বান্ধিব পৰা নাই তেওঁ মহা