পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/২৬৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৪৫
হিতোপদেশী কাব্য।

হেন মতে গুৰু যদি কহিলা ৰাজাত।
মনে মনে বাজা পাচে গুণিলা। মনত॥
ৰাণী সহ প্ৰিতি আছে কথাতে জানিলো।
দুজ্জন ব্ৰাহ্মণ এই কাটিযা নিকালো॥
এহি গুণি ক্ৰোধ কৰি আজ্ঞাক কৰই।
কাটিবাক লৈযা যাই মন্ত্ৰীযে শুনই॥
লোক পঠাই অনাইলেক মন্ত্ৰীৰ ওচৰ।
প্ৰচণ্ড আদেশ কথা শুনি মন্ত্ৰী বৰ॥
কিমতে ৰাখিবো আঙ্ক মনত গুণিলা।
দেশান্তৰি কৰি পাচে গুৰুক পঠাইলা॥
মন্ত্ৰীৰ প্ৰসাদে গুৰু প্ৰাণ ৰক্ষা পাই।
কবুদ্ধি ৰজাৰ ধম্ম হাতত লুকাই॥
অবিচাৰে গুৰু দুখ ৰাজাযে দিলেকে।
সেই দোষে ৰাজা পাচে পাইলেক নৰক॥
পুত্ৰৰ নিমিত্তে পাচে গুৰুক আনিলা।
তেতিযাহেে সবে কথা ৰাজাযে জানিলা॥