পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/২৬৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

ইন্দিৰৰ বৰুৱা।

জীৱনাদৰ্শ।
মহাৰাজা বুদ্ধিস্বৰ্গ নাৰায়ণ।

 বৃদ্ধিস্বৰ্গ আসামৰ এজনা ক্ষমতাপন্ন ৰাজা আছিল।১৪৭৪ শঁকত (১৫৫২ খৃঃ অব্দ) এওঁৰ জন্ম হয়।১৫৩৩ শঁকত এওঁৰ পিতা খোঁড়াৰাজা স্বৰ্গী হলত এওঁ ৰাজা হল। আহোম মতে এওঁৰ নাম চুচেঁফা আৰু বুঢ়া কালত ৰজা হোৱা বাবে বুঢ়াৰাজাও আছিল। এওঁৰ এজনা মাথোন কুউৰী আছিল। এও ৰাজাহৈ দেশৰ অৰ্থে বহু ভাল কাম কৰিলে।সেই বিলাকৰ ভিতৰত এই খিনি প্ৰধানঃ—

 তিৰো পৰ্ব্বতৰ ওপৰত নগৰ আৰু পুখুৰি, দলৌগুড়িত বহাৰ; তাওকাকত নগৰ আৰু পুখুবি, জামিৰাত নগৰ আৰু ৰূপহী নামে পুখুৰি; ডঁৰিকাত শিলৰ শাঁকো; নগৰ আৰু বহাৰ; চিনাতলিত গড; মহঙ্গাৰ পৰা মুৰকটা ফাটত লগাই গড় আৰু ব্ৰহ্মপুত্ৰৰ পৰা পৰ্ব্বতলৈকে তিয়কৰ কটাৰি খামৰ গড়; বিশ্বনাথ আৰু দেৱৰগাঁৱৰ দল; ফুটুকাতলিত কোৰোকা খহাই জয়খামডাংখাট; তেৱালৰ গড; সলালৰগড় আৰু সলালফাট, গডগাঁৱৰ পৰা জামিৰালৈকে বড় আলি আৰু গাঁৱলৈ চটাই আলি; উত্তৰে দক্ষিণে মেৰাই ৰাজগড়—যাক দক্ষিণে লাদৈ ও কোটহাগড়, মাজুলিত মেড়াগড় আৰু উত্তৰে চোয়াতঁলৰ গড় বোলে; জবকাৰ আলি, বকতাৰ আলি, হাৰীপৰা আলি, নুমলিগড়, বাঙ্গলুগড়, আদি অনেক আলি, পদূলি, নগৰ; লুইতৰ পৰা পৰ্ব্বতলৈ চামধৰাগড়; দোপদৰত হাট; লোন পূৰিয়া কাটলুয়া দি ভাটিৰ লোনৰ বেপাৰৰ বাহিৰেও নামচাং বড়হাট কৰি লোন পূৰিবলৈ লোন পুং উলিয়ালে।

 বুদ্ধিস্বৰ্গ ৰাজাই দেৱোত্তৰ আৰু ব্ৰহ্মোত্তৰ কৰি মাটি দিয়াৰ নিয়ম উলিয়াই আৰু এওঁৰ দিনৰ পৰা আসামত দুৰ্গোৎসব পূজা হবলৈ ধৰিছে; ইতিপূৰ্ব্বে আসামত এই মহোৎসব কৰা নাছিল।এওঁ পৰদেশলৈ কটকী চলাচল কৰিবলৈ