সমললৈ যাওক

পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/২৬৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৪৪
অসমীয়া সাহিত্যৰ চানেকি ।

পণ্ডিত অনেক থাকে তাহাৰ লগত।
গুনে মানে তান সম নাহিকে ভূমিত॥
একদিনা বৰৰুচি ভিতৰে গমন।
ৰাজা কথা শেষ কৰি বসিলা আসন॥
ৰাণী সহ ৰাজা তাতে বসিয়া আচয়।
গুৰুক দেখিয়া ৰাজা প্ৰণাম কৰয়॥
ৰাণীৰ ভাগ্যক দেখি লক্ষণ চাহিলা।
কুলক্ষণ বহু আছে মুনিয়ে জানিলা॥
এক মাত্ৰ সুলক্ষণ যোনিত আছয়।
সেই গুণে অৰ্দ্ধাসনে বসিয়া থাকয়॥
আত পৰে অন্য গুণ নাহিকে ৰাণীৰ।
মহা সুলক্ষণ বলে বল্লভ ৰাজাৰ॥
সামান্য কুলত উপজিল এহি কন্যা।
এক মাত্ৰ সুলক্ষণে ভৈল আসি ধন্যা॥
এহি মতে বিচাৰিয়া ৰাণী ভিতি চাই।
হাসিলেক বাৰদ্ধাৰ ৰাণী মুখ চাই॥
হেন দেখি ৰাজা পাচে গুৰুত সোধই।
কি কাৰ্যে হাঁহিলা গুৰু কহিয়ো নিচই॥
শুনি বৰৰুচি গুৰু বোলয় বচন।
যি কাৰণে হাঁসো মই শুনিয়ো কাৰণ॥
সামান্যত উপজিয়া ৰাজ ৰাণী হই।
অৰ্দ্ধাসনে বসি থাকে আনন্দিত হই॥
বহুত কুলক্ষণ আছে ৰাণীৰ দেহত।
একমাত্ৰ সুলক্ষণ আচয় যোনিত॥
দুই গুটি ৰক্ত তিল বাম ভাগে আছে।
সেই সুলক্ষণে জানা ৰাণী হই আছে॥
ৰক্ত তিল থাকে যাৰ যোনিৰ বামত।
মহা সুখী হুয়া থাকে জানিবা ভূমিত॥
এতেকে হাঁহিলো মই ৰাণীৰ কাৰনে।
মহা ভাগ্যৱতী ভৈল তোমাৰ ভবনে॥