পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/২৬৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৪৩
হিতােপদেশী কাব্য।

শুনা নৰনাৰী   গুৰু মনে ধৰি,
  গুৰু বাক্য ধৰা মনে॥
শাস্ত্ৰতো পাৰ্গত   কৃষ্ণতো ভকত,
  হেন গুৰু ভজা ভাই।
সাক্ষাতে দেখিলা   কুমৰ তৰিলা
  গুৰুৰ কৃপাক পাই॥
হেন জানি সবে হেলা নকৰিবে,
  গুৰু স্মৰি কৰা কাম॥
চাৰি অক্ষৰৰ অৰ্থ শুনা নৃপবৰ।
তেবেসে কহিব কথা তোমাৰ পুত্ৰৰ।
শযনে ভোজনে গুৰু কৰিৰে সেৱন।
সেই মতে মিত্ৰ জনে কৰিব তোষণ॥
সেতুবন্ধ তীৰ্থে গৈযা ব্ৰহ্মা বধি তৰে।
মিত্ৰ দ্ৰোহ পাপ তাৰ নুগুছে সত্বৰে॥
মেৰু সম সোণা যদি দানক কৰই।
তথাপিতো মিত্ৰ দ্ৰোহ পাপক নেৰাই।
ৰাজ পুত্ৰ শুনা তই আমাৰ বচন।
মিত্ৰ দ্ৰোহ নকৰিলে থাকিবি কৈল্যান॥
এহিমতে বৰকচি অৰ্থক কহিলা।
তেখনে কুমৰে পাচে কথাক কহিলা॥
পূৰ্ব্ব মতে ৰাজপুত্ৰে কথা কহই।
সবেও দেখিযা পাচে আনন্দ কৰই॥
পুনৰপি বহুদৰ্শি দ্বিজত সোধই।
কিবা দোষে বৰৰুচি অন্য থানে যাই॥
ৰাজগুৰু বৰৰুচি জগতে জানই।
হেন জনে কাটিবাক আজ্ঞাক কৰই॥
অৱশ্যে শুনিব লাগে পূৰ্ব্বৰ কাহিনী।
বিস্তাৰিযা কহা গুৰু তুমি সৰ্ব্ব জ্ঞানী॥
শুনি দ্বিজ বৰে পাচে কহিবে লাগই।
শ্ৰেষ্ঠ হুয়া বৰৰুচি সভাত থাকয়॥