পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/২৬২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৪২
অসমীয়া সাহিত্যৰ চানেকি ।


ৰাজাৰ বচনে  চলে দুত গণে
  বৰৰুচি আছে যৈত ।
ৰাজাৰ আদেশ  কহিলা বিশেষ,
  কাকুতি কৰে পাৱত ॥
মন্ত্ৰীৰ বচন   সুমৰি ব্ৰাহ্মণ,
  দুত সহ চলি যাই ।
বৰৰুচি আইল   ৰাজায়ে জানিল
  আনন্দৰ সীমা নাই ॥
সভাক আনিলা   পত্ৰক দেখাইলা
  মুনিযে সুধিবে লৈলা ।
সখেমেৰা বুলি   কহিলা সমুলি,
  বাৰে বাৰে তাকে কৈলা ॥
বৰৰুচি শুনি   পূৰ্ব্বৰ কাহিনী,
  জানিযা পাচে কহই ।
ভালুক সহিতে   মিত্ৰ পাতি তৈতে,
  মিত্ৰ হিংসা প্ৰাপ্ত হই ॥
বাঘে ভালুকৰে   কন্দল পূৰ্ব্বৰে
  বাঘেও চলক পাই ।
তোমাৰ পুত্ৰত   কহিলা বহুত,
  ঋক্ষক দিযা পেলাই ॥
নজানি কুমৰে   নখক সত্বৰে,
  পেলাবাক মন হুই ।
জানিয়া ভালুক   ক্ৰোধিল অধিক,
  গালত চৰ মাৰই ॥
সখেমেৰা বুলি   কহয সমূলি
  আন কিছু নোবলই ॥
চাৰি অক্ষৰৰ   অৰ্থ শুনা তাৰ
  মাতিবেক এতিক্ষণে ।