পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/২৬১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৪১
হিতোপদেশী কাব্য ।

শুনিয়া ব্ৰাহ্মনে  কহে ওষ্ট মনে,
  কুমৰ আসিলা ঘৰে।
পুত্ৰক দেখিয়া  আনন্দ কৰিযা,
  বুকত সাবতি ধৰে॥
কি ভৈল কি ভৈল  ৰাজাযে কহিল
  কি দোষে মাত নোলাই।
অনেক পণ্ডিত  আসিল সভাতে,
  ৰাজাযে সবাতে কই।
কি কাৰ্য্যে নোলায়  বচন দুনাই
  শাস্ত্ৰ চাই কহামোত।
একোৱে প্ৰকাৰে  কহিতে নাপাৰে
  পণ্ডিত আসিল যত॥
উপাই নাপাই  ৰাজাযে কান্দয়,
  পুত্ৰৰ মুখক চাই।
আনা বৰৰুচি   দুত গণ পাচি
  তান সম জ্ঞানী নাই॥
শুনি মন্ত্ৰীগণে  হাসে মনে মনে,
  বৰৰুচি কৈত আছে।
কাটিযা পেলাইলা  বহুকাল হৈল,
  যম পূৰ গৈযা আছে॥
শুনিযা ৰাজাই  বচন দুনাই,
  শোকত আকুল হই।
আমাৰ পণ্ডিত   ৰাখয় কি মত
  ভাৱে পৰি আনা গই
তথাপি নিদিযে  সম দলে গৈয়ে॥
  যমে সৈতে যুদ্ধ কৰি।
জিনিয়া যমক  আনিয়ো গুৰুক,
  কহিলোহো নিষ্ট কৰি॥


৩১