পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/২৬০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৪০
অসমীয়া সাহিত্যৰ চানেকি ।

এহিমতে ভক্ষাভক্ষে মিত্ৰ হুয়া যাই।
তুমি আমি সেহিমতে থাকিবো সদাই॥
বৰ দুখে আছো মই ফেটিৰ মাজত।
প্ৰাণীহত্যা পাপে পৰি থাকিবা দুখত॥
এহিমতে চল বাদে সাপেও কহিলা।
নাজানিয়া এন্দুৰেও প্ৰতিজ্ঞা কৰিলা॥
ফেটিৰ আছিল জৰি কুটিল সকল।
পাচে সৰ্পে আনন্দতে বাহিৰ হইল॥
আশ্বাসিয়া এন্দুৰক বচন বোলয়।
চল সখা তযু গৃহে চলো সমুদাই॥
সকলো মিত্ৰক চিনি থওঁ এহিক্ষণে।
তেবেসে সাম্ফল হই আমাৰ জীৱনে॥
সৰ্প সহ এন্দুৰেও গাতক চলই।
সবাকো দেখিয়া সৰ্পে আনন্দ কৰয়॥
এহিমতে সৰ্পে পাচে মনত গুণিলা।
প্ৰথমে বুঢ়াক ধৰি ভোজন কৰিলা॥
এহিমতে দুষ্টজনে কাৰ্য্যক সাধয।
সবংশে এন্দুৰ সব সৰ্পে ধৰি খাই॥
শুনা সভাসদ সবে হৰিৰ চৰিত্ৰ।
অজ্ঞানৰ জ্ঞান হই সদায়ে পবিত্ৰ॥
দুষ্টৰ সঙ্গত মিত্ৰ নকৰিয়ো ভাই।
কৰিলে অৱশ্যে দুখ সততে লভই॥
সোণাৰে সাজিয়া মুখ কথাক কহই।
তথাপি বিশ্বাস নাই জানিবা নিশ্চয়॥
হেনজানি নিৰন্তৰে এৰা দুষ্ট কাম।
দ্বিজ গোস্বামীয়ে বোলে জানি ধৰা নাম॥
ৰাজ পুত্ৰ গণে  পুনৰপি মনে,
  দ্বিজত কথা সোধই॥
ভালুকে পঠাইল  কুমৰ কি ভৈল
  সবে কথা কহিবাই॥