সমললৈ যাওক

পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/২৫৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৩৯
হিতােপদেশী কাব্য।

পূৰ্ব্বে সখা কৰি আছো আপোন ইচ্ছাই।
কিমতে কৰিবো হিংসা ধৰ্ম্ম নষ্ট যাই॥
শুনি বাঘে হাঁসি পাচে বুলিলা বচন।
হিত বুদ্ধি দিলো তোক দাযাৰ কাৰণ॥
বৃক্ষত উঠিব পাৰে মাটিত চলই।
হেনয় ভালুক হাতে কিমতে এৰাই॥
নোৱাৰোহো উঠিবাক গছৰ উপৰে।
মাটিতে ফুৰিব পাৰে। সবে জানে সাৰে॥
ভূমিত আচয় জন্তু খাবোহো বিচাৰি।
মোহোৰ অপ্ৰিয নৰমাংস মন্দকাবি॥
এতেকে নকৰ শঙ্কা তামাৰ কথাত।
ভালুক মৰিলে তুমি থাকিবা ভূমিত॥
বনপতি ৰাজা বুলি জগতে জানই।
তোমাকো বোলয নৰপতি সমূদাই॥
সমানে সমানে মিত্ৰ হোৱই শোভন।
উত্তমে অধমে মিত্ৰ মৰণ লক্ষণ॥
এহি মতে বাঘে যেবেঁচল বাদ কৈলা।
নজানিয়া ৰাজা পুত্ৰে বিশ্বাস কৰিলা॥
পেলাইবাক ইচ্ছা হৈল ৰাজাৰ কুমাৰ।
নখত ধৰিয়া পাচে দিলেক আজোব॥
তেতিক্ষণে ভালুকেও চেতন লভিলা।
হাই হাই বুলি ঋক্ষে বচন বুলিলা॥
শুন অৰে ৰাজপুত্ৰ অধম পামৰ।
ৰাজপুত্ৰ হুয়া পাপ সাঞ্চিলি অপাৰ॥
নখাইবোহোঁ চলিযাস আপোনাৰ ঠাই।
এহি বুলি চাৰি চৰ গালত মাৰই॥
তেতিক্ষণে বাক্য তাৰ সমস্তে গুছিল।
সখেমেৰা বাক্য তাৰ মনত ৰহিল॥
এহি চাৰি অক্ষৰৰ অৰ্থক কহয়।
এতেকে তোহোৰ বাক্য পূৰ্ব্ব মত হয়॥