এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
মহাদি দিপক তাতে কৰিয়া শকত।
বিন্দুগজ দিয়া পাচে কৰিয়া যুগুত॥
মিথুন মাসৰ জানা ৰােহিনীক পাই।
সমাপতি ভৈল শাস্ত্র পদ সমুদাই॥
আমি অল্পমতি হুয়া ৰচিলো পয়াৰ।
গােবিন্দৰ লীলা বুলি কৰিয়ো আদৰ॥
জখলাবন্ধাৰ সত্ৰ কলিয়াবৰত।
আমাৰ জনম জানা সেইযে সত্ৰত॥
সেই সত্রে মূৰ্খ নাই গােবিন্দ কৃপাই।
ধৰ্ম্মদৌল পাতি হৰি সাক্ষাত আছয়॥
দেউদামােদৰী সত্ৰ বুলিয়া কহই।
অল্পকৰি পৰিচয় দিলেহোঁ বুজাই॥
হিতোপদেশী কাব্য
মগধ দেশৰ ৰাজা অতি মনােহৰ।
বলে বীৰ্য্যে পৰাক্ৰমে নাহি সমসৰ॥
পুত্র এক আছে তাৰ দ্বিতীয় ভাস্কৰ।
বিক্রমে অতুল সিতাে ৰাজাৰ কুমাৰ॥
মৃগয়া কাৰ্য্যত সিতত পৰম নিপুন।
মৃগয়া কৰন্তে মন মজিল তখন॥