পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/২৫৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৩৭
হিতোপদেশী কাব্য।

এক দিন প্ৰভাততে ৰাজাৰ কুমাৰ ।
মৃগয়া কৰিতে গৈলা বনৰ ভিতৰ ॥
হৰিণ শুকৰ বহু মাৰিয়া তেখনে ।
বাপেৰ নিকতে পূসু পঠাই আছে মানে ॥
কৃষ্ণ যাড় মৃগৰাজা ফুৰিছে বিচাৰি ।
ৰাজাক দেখিয়া মৃগ গৈলেক অন্তৰি ॥
ঘোৰাত চৰিয়া ৰাজা হৰিণ খেদই ।
মহাভয়ে মৃগে পাচে লৱড়ি পলাই ॥
মহতি অবণ্যে পূসু প্ৰবেশ কৰিল ।
মৃগক খেদন্তে ৰাজা হাৰাশাস্তি ভৈল॥
সূয্য অস্ত গৈল পাচে অন্ধকাৰ ৰাতি ।
বৃক্ষৰ মূলত বসি গুণে মহামতি ॥
কৈৰ পৰা কৈক আইলো নেদেখোঁ উপাই ।
সিংহে বাঘে খাইব আজি জানিলাে নিশ্চয় ॥
এহি গুণি উপৰক চক্ষুমেলি চাই ।
বৃক্ষৰ ওপৰে বসি ভালুক আছই॥
দেখিয়া কুমৰে পাচে ভয়তে কাম্পই ।
হাত জুৰি ভালুকক বচন বোলয় ॥
শৰণ লৈহোহোঁ মই তোমাৰ চৰণে ।
সখিত্ব কৰিয়া মোক ৰাখিব এখনে॥
শৰণাগতক ৰক্ষা ধাৰ্ম্মিকে কৰই ।
ভক্ষাভক্ষ তুমি আমি জগতে জানই॥
ভয়ত ৰাখয় যিবা পিতৃ বুলি কই ।
অন্ন দিয়া পালে যিতো সিও পিতৃ হুই॥
এতেকে ভয়ত মোক কৰিবা ৰক্ষণ ।
পুত্ৰ বুলি ৰাখি মোক কৰিয়াে পালন ॥
এহিমতে কহিলন্ত ৰাজাৰ কুমাৰ ।
শুনিয়া ভালুকে পাচে কহিলা সত্বৰ ॥
উঠি আসা ৰাজপুত্ৰ কিছু ভয় নাই ।
নখাইবো তোহোক মই জানিবি নিশ্চয়॥