পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/২৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৩১
অভিমনু বধ কাব্য।

কুট পাশা ছলে পাপী কৌৰব সমাজে।
যেতিয়া আছিলা বনে মম পিতৃ সবে
কৰিলাহা যত ফন্দি ৰাজা দুয্যোধনে
নাশিবলৈ সিবিলাকক বিনা অপৰাধে,
সমস্তকে জানা তুমি. ময়নো কিকম।
সাধু নম্ৰমতি ধম্মে ক্ষমিলা শতেক
পাপৰ নিঠুৰ কাম্য আৰু যত সব।
দুযোধন দুৰাশয়ে সবাক আগ্ৰহি
ঘটালা ভাৰত যুদ্ধ ভাই বন্ধু মাজে।
দশ দিন হৈলা যুদ্ধ সৈন্য ভিতৰত,
পড়িল অসখ্য জন। এতিয়া ৰণত
যদি জিনে পাণ্ডবক কুৰা পতি,
জানিবোহো ধৰ্ম্ম নাই পাপৰ প্ৰচাৰ।
হেন লয় মোৰ মতি অবশ্য জিনিবে।
অন্যায় সমৰে কুৰু, কোনে বাধা দিব
অধৰ্ম্মাচৰণে তাক, স্ৰোতস্বতী সোত
বৰিষায় বহি যায় ভাঙ্গি নেয় তৰু
বিনা মহীধৰে কোনে বাধিবে পাৰয়।
আজি সেই মহীধৰ ধৰাতল শায়া।
শুনিছো গোবিন্দ মুখে তব বিজ্ঞবৰ
ইচ্ছা মৃত্যু, নপাৰয় মাৰিবেক তোমাক,
জিনিবে তোমাক, কোনে ত্ৰিভুবন মাঝে।
কিন্তু বৃদ্ধ পিতামহ এতিয়া তোমাৰ,
হেন দশা দেখি ৰণে, জানিলো বিশেষে
ছলিবলৈ পাণ্ডবক, তবাশ্ৰিত জন,
কৰিছা আপুনি মতি। জগতে প্ৰকাশ
আপোন ইচ্ছাত হৈছে আপোন নিধন
কিবা দোষ কিৰীটিৰ কিবা শিখণ্ডীব
যদি ওখ শাল তৰু ধীৰ বতাহত