পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/২৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৩২
অসমীয়া সাহিত্যৰ চানেকি।

মলয়ায়, ধৰাতলে ঢলিয়া পৰয়
কেবল বঞ্ছিবে ইতো আশ্ৰয়ী লতাক
ভাগ্যহীনা বৃদ্ধ আতা, দীপ্তিমান আশা
পাণ্ডবৰ নুমাইলা, আজি তুমি বিনে,
উঃ বিধিৰ কি বিপাক”। এইমতে ধীৰে
কওঁতে মনৰ কথা তেওঁৰ আগত,
মুখৰ পোনলৈ চায, সজল নয়নে,
ওলাল চকুৰ পানী, তিতিল সৰ্ব্বাঙ্গ।
পাচে উত্তৰিলা ভীষ্মে প্ৰবোধি তেওঁক
‘জযলৈ নাহিকে শঙ্কা বিজয হবাহা।
ধৰ্ম্মৰ সুফল ৰত্ন, জানিবা নিশ্চয়।
বাছাধন! জয় হৈছে। উচিত বিধানে
এই যুদ্ধে পাব কুৰু অধম্মৰ ফল।
যতোধৰ্ম্ম ততো জয় গীতাত লেখিছে
কেতিয়াও মিছা নোহে শাস্ত্ৰৰ বচন।
কিয় এনে ভয় পালা কি কৰিবে কুৰু
বীৰৰত্ন পাৰ্থ সুত। অন্যায় আচৰি
ডেওৱায় ধৰ্ম্ম যদি কুৰুৱে কৰে ৰণ,
বীৰমদে মত্ত হুই কিবা আশি বড
তেওঁ ভয় নকৰিবা। কৌৰবক বধি
উড়িব বিজয় ধ্বজা ধম্মৰ আগত”।
ইতি শুনি পাচে কলা অৰ্জ্জুন কোঁৱৰ
“তোমাৰ প্ৰসাদে ময় নডৰাও কাকো
দুৰ্য্যোধন এড়ি যদি আহে দেবৰাজ
ঐৰাবত আৰোহিয়া, কৰি বজ্ৰ কৰে,
কিবা দেব মৃত্যুঞ্জয়, শূলপাণি হুই,
পিনাকী ৰূপেৰে কিবা দিয়ে আহি ৰণ
তেও তব পৰিনাতি নকৰোহো ভয়।
কি বস্তু কৌৰব ইতো আমাৰ আগত