পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/২৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৩০
অসমীয়া সাহিত্যৰ চানেকি

থাকি শৰাসনে বুড়া বিদায় কৰিলা
সমস্ত পাণ্ডবী দল, সমস্ত কৌৰবী।
হেন কালে সৌভদ্ৰেয় সুভদ্ৰা বল্লভ,
বৃদ্ধৰ আনন্দ মণি আহিয়া তহিত
প্ৰণমিলা অষ্টাঙ্গতে লোটাইয়া শিৰ
লইলা চৰণধূলি; বুলিলা সম্বোধি।
“বৃদ্ধ পিতামহ তুমি ৰণ পৰিহৰি।
শুলা শৰাসনোপৰি দিব্য শয্যা এড়ি
পাণ্ডবৰ ভাগ্য সূৰ্য্য গল অস্তাচলে,
হইয়া এন্ধাৰ ঘোৰ। তুমি বিনা কুৰু
গুড়িয়াল হীন হই বিপথ লইব,
কৰিবে অন্যায় ৰণ নেমানিবে কাৰো
ধৰ্ম্ম উপদেশ কিবা ন্যায়ৰ সঙ্গত।
ধৰ্ম্মবল পাণ্ডবৰ অন্যায় হইলে
নিশ্চয় মজিব আমি। তুমি হেন বিনে
অঙ্কুশ বিহীন শত্ৰু। দেখায় বীৰত্ব
কৰি ধৰ্ম্মৰক্ষা তুমি দশ দিন যুদ্ধে
ৰাখিলা কুলক দুয়ো । ধৰ্ম্ম অনুগত
ধৰ্ম্ম পুত্ৰ যুধিষ্ঠীৰ ধৰ্ম্মত তৎপৰ
অন্যায়ত পৰাঙমুখ সদা ন্যায়ব্ৰতী।
কিন্তু কৌৰব পাপিষ্ঠ, ন্যায় পথে অন্ধ,
কুৰুপতি কুলাঙ্গাৰ কুলৰ কণ্টক
দিলে বহু দুঃখ তেওঁ অনাথ পাণ্ডবক।
আনিয়া নৃপতি মাজে পঞ্চাল নন্দিনী।
যাজ্ঞসেনী মাক মোৰ চুলিত ধৰিয়া
পাপাশয়ে দুৰাশয়ে দুষ্ট দুঃশাসনে
অপমান লাজ দিলা জানাহা আপুনি,
সোৱৰোতে ফাটে বুকু। তোমাতে বিদিত,
দিলেক অৰণ্যে বাসা পাণ্ডব সবাক,