পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/২৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২২৯
অভিমন্যু বধ কাব্য।

ৰলা ৰাজ চক্ৰবৰ্ত্তী। মুৰুখালি দেখি
মৃদু হাসি গঙ্গাসুতে কেৰা চকু কৰি
লাহে ধীৰে সম্বোধিলা “হেৰা জ্ঞানীবৰ
ইনো কিনো সুবিচাৰ, পৃথিবীৰ পতি হুয়া
যি কালৰ যিতো যোগ্য এড়িয়া তাহাঙ্ক
তাৰ বিপৰিত কিয় কৰিছা বিধান।
শৰ আসনত ময, কৰিছো শয়ন,
পড়িছোতো এই দেখা কালৰ হাতত,
এড়িছো সোণৰ খাট চোনাৰ বিচনি
নৃপ, ৰাজ হংসতুলি; গাৰ অলঙ্কাৰ
খহাইছো ই সময়, এতিয়া কি মোৰ
শুৱাব ভৃঙ্গাৰ পানী! লাজ পাই নৃপে
কলামুখ কৰি আতি বহিলা সি ঠাই
তলমূৰে। দেখি ভিষ্মে শুকান গলেৰে
সেহনিয়া মাত লগাই, ইঙ্গিত কৰিলা,
অৰ্জ্জুনৰ পোনে চাই। সেই সমযতে,
ভাৰতে অৰ্জ্জুনে বুজি ধনু লই হাতে,
সুৱৰি গুৰুৰ পাও, টঙ্কাৰিয়া ধনু,
মাৰিলা ত্ৰিশৰ, পাতালৰ পৰা শুহি
ললা ভাগীৰথী জল। কাঁকৰ আহোৰে
দিল। ঢালি ভীষ্ম মখে স্তনদুগ্ধ ধাৰে,
পইলা যন্ত্ৰেৰে যত্নে সদা যেন পৰে
ঝিৰে ঝিবে তেওৰ মুখে। আশিসিলা ভীষ্মে
ঘনে ঘনে অৰ্জ্জুনক, যত সাধু সবে
বখানিলা বুদ্ধিবল শৰ চলোৱাৰ
আচৰিত ভাব দেখি, আৰু দিলা বাৰু।
বীৰৰ অসাধ্য কাম অনায়াসে সাধি
নিজ নাম গন্ধে তেওঁ ব্যাপিলা জগত।
অতঃপৰে বিজ্ঞবৰ মধুৰ ভাষণে