পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/২৪৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২২৮
অসমীয়া সাহিত্যৰ চানেকি।

নুহি জানা নিন্দাস্পদ; পিতৃবধী বুলি
নেহাহয় কোন জনে। সংগ্ৰাম মাঝত
আমাক মাৰিলা তুমি বীৰ ধৰ্ম্ম ৰাখি।
ই নোহে কলঙ্ক তোৰ, কিন্তু যশৰাশি।”
এই দৰে বিজ্ঞৰৰ প্ৰবোধি তেওক
আশিস্ বাণী বুলিলে হওক জয় বুলি
অতঃপৰ ধৰ্ম্মৰাজে বিনয় কৰিয়া।
(সুজনৰ সদমুখে গুৰু জন আগে)
ভীষ্মৰ চৰণ ধৰি স্তুতিলা বিস্তৰ
বিস্তাৰিয়া মন ভাব ৰাজ ধৰ্ম্ম নীতি
সুধিলা অশেষ কথা, যুদ্ধ ফলাফল,
তৃষ্ণা দূৰ কৈল শুনি ধৰ্ম্ম নীতি কথা
চাৰি বৰ্গ দায়ী যিতো, সুস্থিৰ লভিল।
ধৰ্ম্ম নীতি শুনি ধৰ্ম্মে। আনন্দিত মনে
নীৰব হইলা তেওঁ আৰু পাণ্ডবীয়
একে একে সেবা কৰি সবে ভক্তি ভাবে
পাইলা সম্ভাষাদৰ। পাচে ভীষ্ম বীৰে
যুদ্ধ তৃষ্ণাগ্নিৰে হুই ডোওয়া অন্তৰ
আৰু ৰক্তশ্ৰাবে আতি বিকল পৰান,
পিপীয়া চৰাই যেন বাৰিষা কালৰ
অম্বৰৰ আশাকৰি চালামেঘ, মুখ
দুৰ্য্যোধন নৃপতিৰ। সুবুদ্ধি ভুপালে
আকাৰে ইঙ্গিতে বুঝি, ইঙ্গিত কৰিলা
শত শত দাস বৃন্দক। আদেশে যোগালা
পিতামহ শুশ্ৰুষায় শেষ বাঞ্ছা তৈতে
সুবৰ্ণ জাৰিত ভৰি, সুশীতল বাৰি
কৰ্পূৰেৰে গোলাপেৰে কৰা সুবাসিত
চালে হাবিয়াহ লাগে ফটিক বৰনি।
সোঁ ৰাজ-কৰে ধৰি দিবলৈ মুখত

‍‍‍‍‍‍