ক্ষণকালো ৰহিবাক , দীৰ্ঘশ্বাস ত্যজি
মহাতলে চায় পাচে গুনিয়া মনত
“কি ভৈলেক মোৰ আজি” চলে লাহে ধীৰে,
যি ঠাইত বীৰশ্ৰেষ্ট ৰাজ সুতবলী
পৰিহৰি ৰত্ন শয্যা, ৰত্ন আভৰণ।
নিন্দিয়া ইন্দ্ৰৰ ভুষা দেবতা বাঞ্ছিত,
বিসজ্জিছে ধনুঃশৰ , ঘোৰ কালৰূপে
প্ৰলযৰ কালসম শৰৰ চিতাত
ৰৈছে পৰি ৰণ ঠাই, তেজেৰে ৰঞ্জিছে
ধলায ধূসৰ কায, অন্তকালে আজি
শান্ত-মূৰ্ত্তি পৰিগ্ৰহি শান্তনু কোঁৱৰ।
চৰণত ধৰি সবে, বিষাদ বদনে
কোনো দণ্ডৱত কৰে, কোনো সেবা কৰে
দিলা নমস্কাৰ কোনো উচিত যেহেন।
অষ্টাঙ্গতে দুৰ্যোধনে পডি চৰণত,
তিয়াইলা চক্ষুজলে শ্ৰীপদযুগল,
গদ গদ বাক্যোচ্চৰি প্ৰকাশিয়া ভাব
সম্বোধিয়া মোকলিলা শোকৰ ভৰাল
‘‘পিতামহ কতভাগ্যে তপস্যা বলেৰে,
পূৰ্ব্ব জনমৰ কীৰ্ত্তি, দান, পূণ্য কাৰ্য্যে,
তুমি হেন বীৰ ৰত্ন, ৰণ-বিশাৰদ,
পৰশু বিজেতা যেই জগতে ঘোষিত
যাৰ কীৰ্ত্তি যশ ৰশ্মি, তাপি বৈৰীদল।
নৃপতি-সমাজ ত্ৰাশ কুৰুক্ষেত্ৰ ৰণে,
পাইছিলোঁ সেনাপতি; কিন্তু ময আপদেউ,
দৈবহীন দুৰ্ভগীয়া! কিকম তোমাক।
যশি তুমি কীৰ্ত্তি ৰাশি প্ৰতাপি ৰণত
নব দিন শত্ৰু দলি দশম দিনত,
কুজী কুমন্ত্ৰনাত যেন দশৰথাঙ্গজে
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/২৪২
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২২২
অসমীয়া সাহিত্যৰ চানেকি।