পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/২৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২২৩
অভিমন্যু বধ কাব্য।

হৰুৱালে ৰাজ্যধন, হৰুৱালো আপ,
যাদব মন্ত্ৰণে নয়, অকালত আজি,
তুমি হেন ৰক্ষকক, তুমি অবিহনে
পৃথিবীৰ ছত্ৰদণ্ড তব আশা বদ্ধ
হৰুৱালো ই অধীনে। নাকৰ নিশ্বাসে,
ত্ৰিভুবন ভিতৰত, কোনে জানিছিল,
হোম-অগ্নি নুমোৱাই অঘট ঘটাব।
কাব বা বিদিত আগে কৌৰব মাঝত
হইবে সিংহৰ কাল শিয়াল হাতত;
সবে মম ভাগ্য দোষ। বিধি হৈলা ৰাম
কুযশ কুনাম বল গুৰু-বধী মোৰ
যাবচ্চন্দ্ৰ দিবাকৰ ই পোড়া ভালত।
ঘটিবৰ যি আছিল ঘটে সেযে আজি,
নিচিন্তোহো তাক ময, কিন্তু পিতামহ
কিনোহৰ মোৰ গতি তব ৰক্ষা বিনে,
বিজয় পাণ্ডব হতে দলিব ৰণত;
কোন হুব আগুৱান ৰক্ষিৰ কুৰুক;
জ্বলন্ত অগ্নিৰ কুণ্ডত কোনে দিব ঝাপ
জীৱনৰ আশা এড়ি, পাহৰিয়া যেন।
দুখানি পাখাৰ বলে আপোনাৰ বল
নাচনি ফড়িঙ্গ প্ৰায়। দুৰ্জ্জয় পাণ্ডবে,
পাতিয়া শৰৰ জাল বিন্ধিব তহিতে
সব ভাই সৈতে মোক, সব নৃপ সমে।
তুমি নাই সমৰত কোনে বা ধাইৰ
যেতিয়াই অহিৰাজ বিষৰ জালত
আহে বেগে দংশিবাক মযুৰ ছানাক,
ৰক্ষাহীন, মাতাহীন, বলহীন ৰণে।
আৰু কোনে ৰাখিবেক ভীম হাতে মোক
দুৰ্জ্জয় ভীষণ ৰণী যেন প্ৰভঞ্জন,