পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/২৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২১১
অভিমন্যু বধ কাব্য।

মৃত শব, ৰথচয়, অৰু অস্ত্ৰ যত,
তাহাতে ভাসিলা যেন হিমধৰ কুলে
ঘোৰতৰ বৰষুণে কিবা হিমদ্ৰবে,
শান্তনেৰে পাই বল গছ পাত ভাঙি
বহিলা প্ৰবল বেগে। বহিলা ক্ষেত্ৰত
তেজ সোঁতা, ঘৰিয়াল, সিহু, জলজন্তু,
অসি, বৰ্ম্ম, ঢাল, ধনু, উটিলেক তাত।
 আহা! কি দিম্ উপমা, যি দুঃখত দুঃখী
হল। ৰক্ষ-কুল-পতি লঙ্কা ৰখিয়াক
মেঘনাদ বীৰমণি দেখি অবিহন;
ধৃতৰাষ্ট্ৰ-সুত-ৰাজা শোকাৰ্ত্ত অন্তৰে
ভৰসা জ্বলন্ত ঢাকি পিতামহ বলী,
সুমেৰুৰ চুড়া যেন ধৰাতল শায়ী,
হেৰি আজি নুমুৱাই এন্ধাৰিলা সব
দশোদিশ শূন্য কৰি। সবে হাঁহাকাৰে
অসংখ্য কৌৰবী সৈন্যে সজল নয়নে,
হিয়াত চাপৰ মাৰি পাতিছে কান্দন।
চালা সৈন্য সব প্ৰতি নৃপতি তিলকে,
মাতৃ যেন পুত্ৰ মুখ; তেওঁৰ মুখক
সেনাগণো দেখিলেক, কান্দনিয়া ভাবে।
উদয় অৰুণ হেৰি উদয়াচলত।
হেমন্তৰ সময়ত, পেলায় নিয়াব,
শোকৰ লোতক গছে, দুঃখক জনোৱা
নয়ন পানীত তিতি সৈন্য সকলেয়ো,
চালা নৃপ মুখলৈকে! মৰ্ম্মভেদী দুঃখে,
অধীৰ হুইয়া আতি ধীৰ নৰপতি
পাহৰিলা মনে ধৈৰ্য্য, কান্দিয়া অন্তৰে
ঝৰ্ঝৰে এড়িলা লো! জলিল অগনি।
শোকত হিয়াৰ মাজে; নোৱাৰিলা তৈতে