পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/২৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২২০
অসমীয়া সাহিত্যৰ চানেকি।

বোৱাৰী, জিয়াৰী সবে, পুত্ৰবৰ্তী যেয়ে
সাবতি ধৰিলা ভয়ে আপোন শিশুক।
গণিমনে ত্ৰাহি ত্ৰাহি। কানফল। ৰোলে,
পশুগণে অকস্মাত্ পাই মহাত্ৰান
লড়ি গলা যেনি তেনি নাই জ্ঞান দিগ
বিভ্ৰম হইযা সবে, আকাশত দেবে
বজালা দুন্দুভি ৰঙে, দিলেক উৰূলি
বৰষিয়া পাৰিজাত পাণ্ডৰ মূৰত।
বখানিয়া হৰ্ষ মনে পাণ্ডব বীৰত্ব
ৰঙ চোৱা দেবগণে কৰিলা সঘনে
দেব বাণি। সপ্তবসু আশিস কৰিলা
গুণী কিৰাটীক ৰঙে, তেওৰ গুণেৰে
বহুদিন বিচ্ছেদান্তে ভাতৃৰ মিলন
হব জানি। পুলকিত মনেৰে গৈইল।
বৃষভ আৰোহি দুই মহেশ মাহেশী,
নন্দিভৃঙ্গি লগেলই গিৰী শৃঙ্গলৈকে,
নিজ ঠায় কৈলাসক। দেবগণে গলা,
অমৰ ভুবনলৈকে, হেৰিয়া তহিতে,
দিবা অবসান আৰু যুদ্ধ অবসান।
সেনাপতি শঙ্খ শুনি এড়িলা নিনাদ,
প্ৰলয় কালৰ মেঘ, দুই দল সৈন্য,
দুই দিগে চলি গলা পৰিহৰি ৰণ।
তেতিয়াই যুদ্ধক্ষেত্ৰে ৰহিলা কেবল
মৃত দেহ, ভগা ধনু, মুষল, মুদ্গৰ,
আৰু অস্ত্ৰ-সস্ত্ৰ যত বীৰগণে উভয় কুলৰ
আনিছিল বাছি বাছি অস্ত্ৰাগাৰ পৰা
বিজয় মনত আশি। লোহিত বৰণে
বাৰিষাৰ নই সম বেগেৰে চলিলা।
তেজ সোঁত চাৰি ভিতে ৰণৰ ক্ষেত্ৰত