পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/২৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ৰমাকান্ত চৌধুৰী।

অভিমন্যু বধ কাব্য।

প্ৰথম সৰ্গ।

দশ দিন যুদ্ধ কৰি ভস্ম মহাবল।
যেতিয়া শুইলা বাৰে শৰ আসনত,
মহাৰথী পাণ্ডবেও, আনন্দ মনেৰে,
বজাইলা ঢাক, ঢোল, শিঙ্গা, কৰতাল,
জগঝম্প, ভেৰি, দবা। আপুনি শ্ৰীহৰি,
নিজ বাদ্য শঙ্খ লই, ফুৱায় বিজয়
ঘোৰ নাদে বুডুৱায সকল শবদ।
হৰষিলা পাণ্ডবক। সাগৰ সমান
অপাৰ কৌৰবী সৈন্য পৰিলা শবদে,
হাঁহাঁকাৰ, ৰণ থলি, স্বামী নিধনত।
উথলিয়া শব্দ সিন্ধু সেনাৰ ভিতৰ
লড়ালা পাতাল, স্বৰ্গ, লড়ালা মেদিনী
মেৰু-দণ্ড সমন্বিতে। শবদে শবদে
ভাঙ্গিয়া পড়িলা যেন ধৰাত আকাশ;
কপিলা বাসুকি ত্ৰাসে, কানে লাগি তালি
স্থলচৰে, জলচৰে, জীব জন্তু যত,
কৰ্ণভেদী হিয়াভেদী শৰদত সিতো,
যেন এশ বজ্ৰপাতে, চমকি উঠিলা।
পড়িলা মাটিত খহি গৰ্ব্ববৰ্তী গৰ্ব্ব,
সুৰ্ত্তি খায় ঘোৰ নদত, তিৰোতা সবাৰো।