পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/২৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অসমীয়া সাহিত্যৰ চানেকি। শাস্তিলৈ ভয় কবে সি তল্ল শাস্তিৰেই সংশোধিত হব আৰু যাৰ নাই তাক, অধিক শাস্তি কৰিলেও উপকাৰ নহয়। | বিদ্যা শিক্ষাৰ প্ৰতি ফুকনে বব উৎসাহ দিছিল। স্কুল সংস্থাপনৰ বিষয়ে বৰ উদ্যোগ কৰিছিল। তেতিয়া নগাওত ইংৰাজি স্কুল নাছিল। সেই কাৰণে তেওঁৰ নিজৰ ঘৰত এটা ইংৰাজী স্কুল পাইছিল -- তাতে এজন শিক্ষকে পুৱা গধূলা ছাত্ৰ সকলক শিক্ষা দিছিল। গুনাভিৰাম কলিকতাৰ পৰা অহাত ফুকনৰ উৎসাহতে। জ্ঞান প্ৰদায়িনী নামে এটি সাপ্তাহিক সমাজ পাতিছিল। তাত সপ্তাহে সপ্তাহে দেশীয় কিছু মান ভদ্ৰলোক গৈ নানাবিধ আলোচনা কৰিছিল। স্ত্ৰী শিক্ষা প্ৰতি তেও ৰ বৰ এদ্ধ আছি, নিজৰ পত্নীক নিজেই শিক্ষ। দিছিল আৰু নিজৰ কন্যা পদ্মাৱতাক পপবস ও বিদ্যাৰম্ভ কৰিছিল! স্ত্ৰী পুৰুষ উভয়ে মনুষ্য, এতেকে স্ত্ৰী বিলাক অশিক্ষিতা থাকিলে কম দাঙ্গা ৰোগাক্ৰান্ত থাকে এইটি তেওৰ মত। স্ত্ৰী স্বাধিনতাৰো তেও পক্ষপাতী আছিল। উপযুক্ত শিক্ষিত হলে স্ত্ৰীক স্বাধীনতা দিয়া বেয়া নহয় এইটো তেওঁ ৰ বিশ্বাস ছিল। | তেও দান দক্ষিণ কৰিছিল হয় কিন্তু অপৰিমিত ব্যয়া নাছিল। তেও ধৰ্ম্ম কাস্য, ওক দান, সন্তানৰ বিদ্যা শিক্ষা, পৰিবৰ ভৰণপোষণ ইত্যাদি বেলেগ বেলেগ তহবিল কৰিছিল। সেই সেই মূল ধনৰ পৰ: সেই সেই কাৰ্য কৰিছিল। তেওঁ মৃত্যুত তেও ৰ পৰিবাৰৰ নিমিত্তে ৮,৫০০ টকাৰ কোম্পানীৰ প্ৰমিচৰী লোট মাত্ৰ গৰ পাৰিলে। ইয়াৰ কিছু পৰিমান মলি তেও ৰ নিজৰ উপাৰ্জন। প্ৰায় প্ৰতি মাহে তেওৰ যৰে সৈতে কাৰবাৰ তাৰ হিচাপ পৰিষ্কাৰ কৰিছিল। কাবো কোনো হিচাপ পৰিষ্কাৰ নকৰাকৈ নথৈছিল। আৰু প্ৰতি মাহে সকলোকে যি যি দিবলগীয়া তাক দিছিল। অল্প মাত্ৰ বাকা থাকিছিল। | ফুকনৰ পিতৃ মাতৃৰ প্ৰতি বৰ ভক্তি আছিল। ঘাইজনা ঢেকিয়াল ফুকনৰ কথা ওলালে তেও গদ গদ চিত্তে শুনিছিল। মাতা আৰু বিমাতা প্ৰতিও তেওঁৰ বৰ ভক্তি। তেওঁ বিলাকৰ সুখ স্বচ্ছন্দতাৰ প্ৰতি সদাই দৃষ্টি কৰিছিল। মৃত্যুৰ কিছুদিন পূৰ্বে তেও এদিন মাতৃৰ কোলতে বহিছিল আৰু কৈছিল বোলে “প্ৰকৃতিৰ অশ্চিৰ্য্য পৰিবৰ্তন”। তেওঁ সন্তানক হে কৰিছিল কিন্তু আনৰ দৰে তেওঁৰ পুত্ৰ কন্যাক কোলতে লৈ অদৰ নকৰিছিল। অথবা বৰকৈ লেন্স। লেঙ্গেৰি নকৰিছিল। তেওঁৰ পত্নীক বৰ প্ৰীতি আৰু সেহ কৰিছিল, সময়ে সময়ে। তেও বিলাকৰ মাঝত সামান্য বিবাদ হৈছিল। কিন্তু সি নিতান্ত অল্প কাল স্থায়ী।