পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/২৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আনন্দ ৰাম ঢেকিয়াল ফুকনৰ জীবন চৰিব। ২১৭ গৃহ কৰ্ম্ম বিষয়ে তেওঁৰ পত্নীৰ আৰু কোনো বিষয়ে তেওঁৰ মাতৃৰ পৰামৰ্শ গ্ৰহণ। কৰিছিল। তেওঁবিলাকৰ মতে সৈতে তেওঁৰ মত অমিল হলে তেওঁবিলাকক ভালকৈ বুঝাইছিল। তেওঁ তামোল ধপাত কানি, ভা, মদ কি অনি কোনো ৰাগী বস্তু নাখাইছিল। প্ৰত্যহ অহাৰান্তে চাহ খাইছিল। মাজত কিছুদিন অতি শ্ৰমৰ কাৰণে শৰীৰ দুৰ্বল হোৱাত অতি অল্প পৰিমানে কামেশ্বৰ মোদক খাইছিল। এই মোদক খোৱাৰ পৰা দুবাৰ কিছু কষ্ট পাইছিল। সেই কাৰণে শেষলৈ তাকে। ৱ্যবহাৰ কৰিবলৈ এডিলে। অহাৰ কবি এলাচা প্ৰভৃতি মচলা মাত্ৰ তেওঁ খাইছিল। ফুকনে উদাৰ ভাবে বৈদিক ধম্ম বিশ্বাস কৰিছিল, মৃত্যুৰ কিছুমান দিন পূৰ্বে ব্ল্যাণ্ড পাত্ৰী চাহাব নগাঁওলৈ আহে। তেও ব সৈতে আলাপ কৰি তেওঁৰ সেই মত আৰু দৃঢ় হল। তেওঁ লেখিছিল যে প্ৰাচীন ৰীতি পৰি ত্যাগ কৰা আৰু খ্ৰীষ্টীযান। ধৰ্ম্মৰ প্ৰতি মন মেলা অনাবশ্যক। ৰোগ শয্যাত পৰি থাকোতেও তেওঁ কৈছিল বোলে লোকে তেওঁক খ্ৰীষ্টীযান বুলিব পাবে, কিন্তু তেওঁ গীষ্টীযান নহয়। তেওঁ ঈশ্বৰৰ অন্তি বিশ্বাস কবে। অনেক সমযত কোনো বিশেষ ঘটনাত তেওঁ ঈশ্বৰ আৰু মৃত্যুৰ নৈকট্য আৰু ধৰ্ম্ম চিন্তাৰ প্ৰতি প্ৰতিজ্ঞা দৃঢ়কৈ কৰিছি। তেওঁ “ঈশ্বৰৰ ইচ্ছাত” এই কথা তেও সদাই কৈছিল। অনেক ঘটনাৰ পাচত তেও ঈশ্বৰৰ প্ৰতি অস্ত্ৰ সমৰ্পন কৰিছিল। তেওৰ সময় জ্ঞান অতি উৎকৃষ্ট আছিল। যেতিয়া যি কৰিব লাগে তাক সদাই কৰিছিল। তেওঁ জীৱনৰ প্ৰাত্যহিক ঘটনা বিলাক এটী দৈনিক বহিত লেখিছিল তাক সেই বিলাক সময়ে সময়ে ঢাই তেওঁৰ উন্নতি অৱনতি জানিছিল। তেওৰ দৈনিক বহিত এই কেইটি প্ৰাতঃস্মৰণীয বিষয় লিখিত আছে। ১। আপৰিমিতাচাৰি হোবা, তোমাৰ জিক দমন কৰা, বহুকাল জীয়াই থাকিব। ২। পুৱা গধূলি শাৰীৰিক শ্ৰম কৰিবা। ৩। যি কাৰ্য্য তুমি কৰিব খোজা তাক পলম নকৰিবা। পটা, কৰ্মকৰা, লেখা, চিঠি লেখা ইত্যাদি। ৪। কিমান শীঘ্ৰ তোমাৰ সময যাব লাগিছে তাক স্মৰণ কৰা। তাব সদ্ব্যৱহাৰ কৰা। অকাৰণ সময় নষ্ট নকৰিবা। | ১। সুবিধা নহলে আৰু সংসাৰত সুখে থাকিব পৰা নহলে ধৰ্ম্ম জীবন আৰম্ভ কৰিবলৈ পলম কৰা বলিযালি মাৰ। আম'ৰ এইৰূপে দিন যায কি জানি অল্প কেইদিন মাত্ৰ বাকী আছে।