পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/২২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২০৮ অসমীয়া সাহিত্যৰ চানেকি। কৰিবলৈ যায়। স্নানান্তে সন্ধ্যা পূজা কৰি ১০ বজাত ভোজন কৰি তাৰ পাচে কাছাৰী লৈ যায়। তাৰ পৰা আহি কাপোৰ সলাই জলপান কৰি অল্প আৰাম কৰে। তাৰ পাছে খোজ কাঢ়ি বা গাড়ীত বা ঘোঁৰাৰে গধূলি ফুৰিবলৈ যায়। তাৰপৰা আহি আকৌ ৮০ বজামানলৈ লেখা পঢ়া কৰে। সন্ধ্যা কৰি ভোজন কৰে। তাৰ পাচত অল্প জিৰাই ৰাতি ১০ বজাৰ পূৰ্বেৰ শয়ন কৰিবলৈ যায় তেওঁ শোৱা খোৱ ফুৰ বিষযে যি সময়ৰ যি কথা তাক সদাই কৰিছিল। অতি কচিৎ মাত্ৰ সময়ৰ ব্যতিক্ৰম ঘটিছিল। বাতি পুৱা লেখা পঢ়া কৰি আনলৈ যাবৰ পূৰ্বেৰ আৰু গধুলি লেখা পঢ়া কৰি মুখ হাত ধই ভিতৰলৈ যাবৰ পূৰে তেও কেতিয়াবা বালকৰ দৰে ধেমালি কৰিছিল। কালীকৃষ্ণ উকলি আৰু কাৰ্তিকান্ত ডেকা বৰুৱাক হলে ৰঙ্গতে গতিয়াই ঢকিযই বৰ কৌতুক কৰিছিল। এও বিলাকে তেওঁৰ সৰুৰ আৰু পাঠৰ অৱস্থা দেখিছিল। অক প্ৰায সমনীয়া। সেই কাৰণে এও বিলাকে সৈতে এইৰূপ বালকতা প্ৰকাশ কৰিছিল। আনন্দ বাম ফুকনে প্ৰথমে কাছাৰালৈ যাওতে পাজামা, ঢপকান বা কাৰা আৰু আমামা পাগুৰি পিন্ধিছিল। নগাঁওলৈ পাচৰ বাৰ আহি কাছাৰীলৈ অসমীয়া পোচাক পিন্ধি গৈছিল। অৰ্থাৎ ভাঙ্গা পাটৰ চুবাযা, অঙ্গা চোলা, অসমীয়া টোকনীয়া পাগুৰি পিন্ধিছিল। পুৱা গধুলি ফুবোতে আৰু ঘৰত থাকোতে পাজামা চাপকান ব্যৱহাৰ কৰিছিল। তাৰু বাহিৰলৈ গলে টুপী পিন্ধিছিল। তেওঁ সদাই জোতা মোজা ব্যবহাৰ কৰিছিল। স্নানৰ সময় ধুতি পিন্ধিছিল। জ্ঞানান্তে ৰঙ্গা --পাটৰ চুৰীয়া আৰু নামাবলী বা আন নোমৰ কাপোৰ অথবা চেলীৰ কাপোৰ পিন্ধিছিল, ৰাত্ৰি আহাৰৰ পূৰ্বে ধুতি পিন্ধি পুৱালৈকে আছিল। ফ্লালেনৰ কুৰ্ত্তা কেবল পূজাৰ সময় মাত্ৰ পবিত্যাগ কৰিছিল। সানৰ পূৰে আৰু স্নানান্তে আহাৰৰ পাছে কাপোৰ সলোৱা পৰ্যন্ত খৰম ব্যবহাৰ কৰিছিল। তেওঁ লেখা পঢ়া কৰা ঠাইত ওচৰতে পীড়া এখন থাকে আৰু গালিচা পৰা থাকে সেই সময়ত যাৰে সৈতে সাক্ষাৎ কৰিব লাগে সি যোগ্যানুৰূপে আসন পায় দেশীয় কোনো সম্ভ্ৰান্ত লোক আহিলে যদি সেই ঠাইত অভ্যৰ্থনা কৰিব নোখোজে তেনেহলে তাৰ কিছু দূৰৈতে দেশীয় নিয়মে ঢল। বিছনা আৰু গাৰু থাকে তাত বহে। আন এখোটালিত মেজ মাচিয়া কৌচ থাকে আৰু তাত নানাবিধ ছবি ইত্যাদি থাকে। ইংৰাজ লোকে সৈতে তাত সাক্ষাৎ কৰে, যি ঠাইত কাপোৰ সলাই তাতে। এখান বিছনা থাকে কেতিয়াবা তাতো আৰু কেতিয়াৰ ভিতৰতে আৰাম কৰা বুলিলে