পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/২২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আনন্দ ৰাম ঢেকিয়াল ফুকনৰ জীৱন চবিত্ৰ। জুৰ হৈ তেওঁৰ নৃতী ওলাইছিল। তেওঁৰ শৰীৰত কোনো লাগি থকা নবিয়া বা ব্যাধি নাছিল। কেতিয়াবা পানী লাগিছিল তাৰ নিমিত্তে.কেতিয়াবা খাত তাপ হয়। এবাৰ পানী লগাত জুলাপ লোৱাব কাৰণে তেওঁৰ কষ্ট বোধ হৈছিল। সেই দিনাই পানী লাগি থকাতে চেক ঔষধ নাখাবলৈ প্ৰতিজ্ঞা কৰিলে। তেও প্ৰতিদিন দুই বেলা অহাৰান্তে শৌচ কৰিছিল। কোষ্ঠ শুদ্ধিৰ প্ৰতি তেওঁৰ সৰ্বদা দৃষ্টি আছিল। তাল্প কোষ্ঠ বদ্ধ হোৱা গম পালেই শিলিখাৰ পাচন খাইছিল। তাত উপকাব নহলে বেচক ঔষধ লৈছিল। অল্প পেট বেয়া বা পানী লাগিলেই তেওঁ অতিশয় ব্যস্ত হৈছিল। অক তৎক্ষণাৎ গৰ প্ৰতিকাৰৰ অৰ্থে ডাক্তাৰ পৰামৰ্শ লৈছিল। দেশীয চিকিৎসাৰ প্ৰতি তেওঁব অবিশ্বাস নাছিল কিন্তু শিক্ষিত চিকিৎসক নথকাৰ নিমিত্তে অশিক্ষিত চিকিৎসকৰ প্ৰতি বৰ শ্ৰদ্ধা নাছিল। যেতিয়াৰ পৰা ককণ্ঠ আহি তেওৰ লগ ললে তেতিয়াৰ পৰা দেশীয় কোনো কোনো ঔষধ আৰু ক্ৰিয়া ব্যৱহাৰ কৰিছিল। শেষলৈ অকস্মাৎ কেতিয়াবা অতৃৰ তাল্প বিষ হৈছিল। সদাই তেও আদখিনি হাত থক। ফ্লানেৰ বেনিয়ান বা কুৰ্তা এট। গত পিন্ধিছিল। মৃত্ব কিছু দিন পূৰ্বে তেওঁৰ ভৰিৰ আঙ্গুলি ত নথচুকা হৈছিল। সেই ফেবি নবিযাতে তেওঁ ইমান কষ্ট বোধ কৰিছিল আৰু ইমান ব্যস্ত হৈছিল যে কোনো এজনে “বান্দৰৰ ঘৰ” উপমা দিয়াত হাহিৰ কুটি হৈছিল। তেওৰ আহাৰৰ প্ৰতি বৰ মনোযোগ আৰু দৃষ্টি আছিল। পাচে অপাকি হয় এই ভাবি এটি সৰু বাটি জুখি ভাত খাইছিল। সেই পবিমাণে আঞ্জাও লৈছিল। মৎস্য মাংস তেওঁ খাইছিল। প্ৰায় এক সন্ধ্যাত মাস খাইছিল। পাৰৰ জোল বা চুৰুৱা তেও সদাই খাইছিল। তিতা, কেহ, জলা, টেঙ্গা, ক্ষাৰ, মিঠা, সকলো খাইছিল। বিশেষকৈ কোনো বস্তুত তেওৰ প্ৰীতি বা অপ্ৰীতি নাছিল। আনন্দ ৰাম ফুকনে প্ৰতিদিন ব্ৰহ্ম মূহৰ্ততে উঠিছিল। কেতিয়াবা তাৰ পূৰ্বে উঠি লিখা পঢ়া কৰিছিল আৰু প্ৰতিদিনে পুৱা ফুৰিবলৈ গৈছিল। ফুৰিবলৈ যাও'তে কেতিয়াবা কোনো সংবাদ পত্ৰ লৈ বাটে বাটে পঢ়ি যায়। বৃষ্টি কি শৰীৰ অসুখৰ কাৰণ যি দিন ফুৰিবলৈ যাব নোৱাৰে সেই দিন সেই পৰিমাণ সময় ঘৰৰ বাৰাণ্ডাতে ইফাল সিফলি কৈ ফুৰিছিল। সদাই তেও তপত পানীৰে স্নান কৰিছিল। ফুকনে পুৱা ফুৰি আহি ৮ বজালৈকে লেখা পড়া কৰি স্নান