পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/২২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অসমীয়া সাহিত্যৰ চানেকি। অসমীয়া ভাষাৰ এতিয়া যেনে অৱস্থা, তাক চাব লাগিলে আৰু ওপৰৰ নিয়মৰ প্ৰতি দৃষ্টি কৰিলে আমাৰ দেশৰ বৰ ভাল হবলৈ কিমান পলম আছে, তাক জানিব পাৰিলে মনত বৰ বেয়া লাগে। এতেকে এই দেশৰ যি লোক সকলে দেশৰ উপকাৰ কৰোঁ বুলি কই, সেই সকলে প্ৰথমে স্বদেশৰ ভাষাৰ প্ৰতি মনোযোগ কৰোক। তাক নকৰি, আন উপাইৰ দ্বাৰাই উপকাৰ কৰে বুলিলে, তাৰ পৰা সাধাৰন আৰু শুভ ফল নেপাব। অধিক এই বিষই কি লিখিম? আনন্দ বাম ঢেকিয়াল ফুকনৰ জীৱন চবিত্ৰ। অনিন্দ ৰাম ঢেকিয়াল ফুকনৰ বৰ্ণবগ। কিন্তু ইউৰোপীয় সকলৰ দৰে শ্বেত নহয়। তেওঁ দীঘলে ৫ ফুট ৬ ইঞ্চি বা ৩০ হাত আছিল। তেওঁৰ কপাল উন্নত আৰু বহল, নাসিকা দীৰ্ঘ আৰু উন্নত। তেওঁৰ ডিঙ্গি কিঞ্চিৎ দীঘল। তলৰ ওঠ ওপৰৰ ওঠত কৈ কিঞ্চিৎ ডাঙ্গৰ আছিল আৰু তাৰ বৰ্ণ ৰা। তেওঁৰ বুকু বহল আৰু কঁকাল নিয়মিতৰূপে সৰু। তেওঁৰ আঙ্গুলি আৰু নখ বিলাক তেনে শুৱনী নহলেও কুদৃশ্য নাছিল। তেওঁৰ শৰীৰ কৃশ বা স্থূল নাছিল। তেওঁৰ মুখ দীৰ্ঘাকৃতি আছিল। অবয়ব অনুসাৰে মানিছিল। তেওঁৰ বুকুত ৰোমাৱলী অছিল। তেওঁৰ দাত বিলাক অতিবগা আৰু সেৰেঙ্গা আছিল। তেওঁৰ ওজন ১৮৫৯ চনব ফেব্ৰুৱাৰি মাহত ১৮ এক মোন ওঠৰ সেৰ আছিল। তেওঁ গোফ ৰাখিছিল কিন্তু সম্পূৰ্ণ কৈ পাক লবলৈ নাপালে। দাঢ়ি এদিন অন্তৰে এদিন নিজে ক্ষুৰাইছিল। তেওঁৰ ভৰিত দীলৰেখা আছিল। তেওঁৰ হাতত আয়ুঃদণ্ড সম্পূৰ্ণ আছিল। তেওঁৰ গোটেই মূৰতে চুলি আছিল। ডিঙ্গিত পৰাকৈ ৰাখি কটা হৈছিল। সেই চুলিৰ আগ কেঁকোৰা আছিল। তেওঁৰ ঘোৰাত উঠা অভ্যাস আছিল। কিন্তু গছত উঠা, কুস্তি কৰা, সাঁতৰা অভ্যাস নাছিল। বন্দুক মাৰিবলৈকো নাজানিছিল। এদিন বলৰাম ফুকনে তেওঁক সৰু এটী পিস্তল মাৰিবলৈ দিয়াত তেওঁ যত্ন কৰিও ভালকৈ মাৰিব নোৱাৰিলে। তাতে সৰু জন। ফুকনে কৌতুককৈ কলে বোলে “জুখি জুখি ভাত খাওক,” তেওঁৰ স্বাস্থ্য বৰ ভাল আছিল। কেতিয়াও সাংঘাতিক পীড়া হোৱা নাছিল। যি জ্বৰত তেওঁৰ প্ৰাণ বিয়োগ হল তেনে জ্বৰ কেতিয়াও হোৱা নাছিল। ১৬ বৎসৰৰ পূৰ্বে কলিকাতা