পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/২২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অসম দেশৰ উপকাৰ। ২০৫ প্ৰথমে এই দেশৰ সকলো মানুহে আমাৰ অসময়ী। মাতৃ ভাষাৰ প্ৰতি চেনেহ প্ৰকাশ কৰিব লাগে। ইয়াক যে মুখেৰে কৰিছে বুলিলে হই, এনে নহই, কায়ে বাক্যে মনে চিতে হব লাগে, তেহে হই। দেশৰ সকলো লোকসকলে অসমীয়া ভাষাৰে কাকত পত্ৰ লিখিব লাগে, আৰু অন্য অন্য কেতবিলাক কৰমে অসমীয়া ভাষাৰে হোৱা উচিত। কোনো মানুহে পৃথি ৰচিব লাগিলে তাৰ সহায় হোৱ। উচিত; তেহে তাৰ পুথিৰ দ্বাৰাই মানুহে জ্ঞান লভিব পাৰে। আৰু যি সকলে কিঞ্চিত বিদ্যা শিকি পণ্ডিত হৈছে, সেই সকলে একেলগ হৈ দেশব উপকাৰ হব পৰা পুথি ৰচিবলৈ যতন কৰা উচিত। আৰু ইজনে সিজনক, সিজনে ইজন, এইৰূপে সায় দিয়া ভাল। | দেশৰ ভাষাৰ যিমান দিনলৈকে বৃদ্ধি নই, তিন দিনলৈকে দেশৰ উপকাৰ নহই। এতেকে দেশৰ উপকাৰ কৰিব লাগিলে প্ৰথমে দেশৰ ভাষাৰ শ্ৰী বৃদ্ধি কৰিবলৈ যতন কৰা উচিত। ইলও প্ৰভৃতি দেশৰ লোক সকলৰ ভাষা যিমান দিনলৈকে ভাল নহল, তিমান দিনলৈকে সিবিলাকৰ একো ভাল হোৱা নাছিল। দেশৰ ভাষাৰ লগে লগেহে দেশৰ অৱস্থাও বাঢ়িল। বঙ্গাল দেশৰ পক্ষেও এই নিয়ম প্ৰমানিক দেখা গৈছে। ইংবাজি ১৮৪৫ সনৰ পৰা বঙ্গাল দেশৰ লোক সকলে আপোন মাতৃ ভাষাৰ প্ৰতি বিশেষ আদৰ কৰিবলৈ ধৰিলে। পূৰ্বে পাচ বছৰত যিমান পৃপি মুঠে ছপা হৈচিল, তেতিয়াৰ পৰা এৰছৰ ডেৰবছৰৰ ভিতৰতে তিমান পুথি ছপা হবলৈ ধৰিলে; আৰু এতিয়া এনেহে হৈছে, প্ৰাই বালি ভাল মানুহ মাত্ৰেই লিখিৰ পঢ়িবলৈ শিকিছে। ই অলপ সুখৰ কথা নে? আৰু এই নিমিত্তেই দেশৰ উপকাৰ হৈছে। | পঢ়া সকলে সুধিব পাবে, দেশৰ ভাষাৰে সৈতে নো দেশৰ অৱস্থাৰ কি সম্পৰ্ক আছে? সে ইটোৰ ভালে সিটোৰ ভাল। তেন্তে কওঁ, না; লোক সকলৰ মাজত সাধাৰনৰূপে জ্ঞান প্ৰচাৰ কৰিবৰ দুৱাব বিদ্যাই। এই বিদ্যা মাতৃ ভাষাৰে যেনেকৈ সোনকালে আৰু অলপ মতে শিকিব পাৰি, অন্য ভাষাবে নোৱাৰি। কিয়নো গান ভাষাৰে শিকিব লাগিলে সেই ভাষা শিকেঁতেই সহ সময় যাই, পাচত জ্ঞান শিকিবলৈ মুঠে অলপ সময়হে থাকে। আৰু ইয়াক যেনে সুন্দৰৰূপে বুজিব পাৰি, আনক তেনে ৰূপে নোৱাৰি। এতেকেতে জানা গল, যে স্বদেশ আৰু স্বদেশৰ ভাষা, দুইবো সমন্ধ আছে। অসমীয়া তামাৰ স্বদেশী ভাষা, এতেকে অমীয়া ভাষাৰে সৈতে অসম দেশৰ ভাল হোৱাৰ অনেক সমন্ধ আছে।