২৪। অসমীয়া সাহিত্যৰ চানেকি। পূৰ্বে এই জাহাজেবেই বেপাৰৰ বস্তু আৰু মানুহ অনানিয়া হৈছিল এতিয়া ডাক জাহাজেৰে মানুহ অহা-যোৱা কৰে। কিয়নো, ধুবুৰীৰ পৰা ডিব্ৰুগড়লৈ ৫ দিনত যাব পাৰি। আমি ৭ বজাত শিলঘাট পালে।। নগাঁও এৰাৰ পৰা ১২ ঘণ্টা লাগিল। পাছে ৰঙাগড়াতে খোৱাৰোৱা, ৰদত জিৰুৱা আৰু কলং পাৰ হোৱাত সম্পূৰ্ণৰূপে ৬ ঘণ্টা এৰলে, ১৬ ঘণ্টাতে ৩২ মাইল বাট আহিল। এই সময়ত গুৱাহাটীৰ পৰা প্ৰত্যুষে জাহাজ মেলি গধূলি শিলঘাট পোৱা নিয়ম, কোনো দিন। অলপ ইফাল সিফালো হয়। ৰতি ৯ বজ। মানত জাহাজ শিলঘাট পালে। আমি খোৱা-লোৱা কবি জাহাজত উঠিবলৈ গলো। শিলঘাটৰ পৰা অতি প্ৰত্যুষে জাহাজ উজাই যায়। সেই কাৰণে আমি এজেন্ট অফিচৰ পৰা যোৰহাটলৈ যাবৰ নিমিত্তে ককিলামুখলৈ টিকট কিনিলো, আৰু ঈশ্বৰৰ নামলে জাহাজত উঠি এটা কেবিন বা খোটালিত শুই থাকিলো। আমাৰ পৰিচাৰক আৰু সহাইকাৰী দুই ও নিৰ্দিষ্ট ঠাইত শুই থাকিল। ১৮৫৮ সন অসম দেশৰ উপকাৰ। এতিয়া আমাৰ দেশৰ অৱস্থা পুৰ্বতকৈ অনেক ভাল হৈছে, তাক সকলো জানে, কিয়নো ভাল হবৰ সাক্ষাত প্ৰমান এই বিদ্যা বৃদ্ধি জ্ঞান বৃদ্ধি আৰু সভ্যতা বৃদ্ধি আগতকৈ অনেক গুণে হৈছে। যাৰ দ্বাৰাই লোক বিলাকে সজ কম কৰিব নোৱাৰে পুৰ্বৰ দৰে মানুহৰ মনত এনে কুসংস্কাৰ নাই। এতেকে আমাৰ দেশৰ ভাল হবৰ আগন্তুক হোৱা দেখি, আমি মনত বৰ ৰঙ্গ পাইছো। আৰু ভৰ কৰে। জেন ঈশ্বৰৰ অনুগ্ৰহ লাহে লাহে এই দৰে দেশখন ভাল হৈ উঠিব। পূৰ্বে আমাৰ দেশত জ্ঞান বাঢ়িব পৰ৷ এখনিও সমাজ নাছিল, এতিয়া শিৱসাগৰ প্ৰভৃতি কোনো কোনো ঠাইত দুখন এখন সভা হৈছে। এই সভাৰ দ্বাৰাই লোক সকলে কিমান উপকাৰ পাব, তাক ঈশ্বৰেহে জানিছে। পূৰ্বতকৈ এই দেশৰ অৱস্থা অনেক গুণে ভাল হোৱাতো যি কথাৰ পৰা দেশৰ প্ৰধান উপকাৰ হবলৈ কিছু পলম হৈ থাকে, এনে কেতবিলাক কম আছে।
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/২২৪
অৱয়ব