সৌমাৰ-ভ্ৰমণ। মতেই উদাসীন বা কেৱলীয়া আৰু ধৰ্মচাৰ্য্য হব পাৰিলে। হিন্দু ধৰ্ম্মেও সেই নিয়ম স্বীকাৰ কৰি সামৰি ললে। বৈদিক আৰু পৌৰাণিক ধম্ম মতে যেনেকৈ নানা প্ৰকাৰ সন্ন্যাসী আছে, বৌদ্ধধৰ্ম্ম মতেও ভিক্ষুক “শ্ৰমণ’ উদাসীন আছিল। সেই সকলে নিৰ্ল্ডন ঠাইত তপস্যা কৰিছিল। কলীয়াবৰৰ কামাখ্যা আৰু প্ৰবাদলৈ চালে এনে জনা যায় যে সেই ঠাই বৌদ্ধ ধস্যাব তপস্যাৰ স্থান আছিল। যেতিয়া | হিন্দুধৰ্ম্ম আকৌ প্ৰবল হৈ উঠিল তেতিয়া কামাখ্যাত পকা বৌদ্ধ মুনি দুজনাক বধ কৰিলে। অথবা দুই ও লুইতত প্ৰাণত্যাগ কৰিলে। লোক সকলৰ প্ৰীতিব নিমিত্তে মুনি দুজন। শিলা হল আৰু সপ্ত মেচ্ছব যুদ্ধ হলে তাৰ তেজ পৰি তেওঁবিলাক মুক্ত হব বুলি হিন্দু সকলে জনবয় তুলি দিলে। নগাওৰ এই ফালৰ বাগিছাৰ চাহৰ বাক্স আৰু অন বস্তু শিলঘাটে গৰৰ গাৰ্ডাবে অনা নিয়া হয়। শিলঘাট উন্নতিশিল ঠাই। ইয়াত জাহাজ অডিছ। আৰু ষ্টাম্ এজেন্সি অফিচ আছে। পূৰ্বে এই দেশলৈ নাৱেৰে ডাক আহিছিল। পাছে সেই ডাক টঙ্ক বোড আলিয়ে বামে অনা নিয়া হৈছিল। ১৮৩৯ সন পবা কলিকাতাৰ মেকলিন কোম্পানীয়ে জাহাজেৰে ডাক অনানিয়া কৰিবলৈ ধৰিলে। বিভব ঠাম নেভিগেশন নামে এই কোম্পানী প্ৰসিদ্ধ। এই কোম্পানী আক “ ইণ্ডিয। জেনেবেল ঠাম নেভিগেশন” কোম্পানী দুয়ে। প্ৰায় ২৫ বছৰৰ পৰা অসমত বেপাব বস্তু অৰু মানুহ অনানিয়া কৰিছিল। মেকলিন কোম্পানীযে, গনৰ্ণমেণ্ট ডাক আৰু সি বঙ্গালী কুলি এই দেশলৈ আহে, তাকে। ধুবুড়ীৰ পৰ। উজাই আনিবলৈ বন্দবস্ত কৰাত ইখান কোম্পানীৰ সুবিধা কিছু কমিবলৈ ধৰাত সেই কোম্পানীয়ে অধিক পৰিমানে জাহাজ চলাবলৈ ধৰিলে। দুই কোম্পানীৰ মাজত প্ৰতিদ্বন্দিতা চলিল। পিছে দুই কোম্পানী মিল হল। আৰু দুই ও সন্মিলিত কোম্পানীৰূপে কাম কৰিবলৈ ধৰিছে। এতিয়া দুইও কোম্পানীবে জাহাজে ডাক না-নিয়া কবে। কলিকাতাৰ পৰা অসমলৈ অহা ডাক বেলেবে যাত্ৰা পুৰলৈ আহে তাৰ পৰা জাহাজেবে ধুবুড়ীলৈ অনা হয়। ইফালে এই সন্মিলিন কোম্পানীৰ একোখন জাহাজ গোৱালণ্ডৰ পৰা প্ৰতিদিনে উজাই আহে। সেই জাহাজৰ যিখান যি দিন। ধুবুড়া পায়, সেই খানেই অচল ডাক, আৰু বাটত আন আন যি নিৰ্দিষ্ট ঠাই আছে তাৰপৰা ডাকলৈ আহে। সেই ৰূপে ডিব্ৰুগড়ৰ পৰাও একোখন জাহাজ ডাকলৈ ভটিয়াই অহে। এই ডাক জাহাজ বিনেও সেই দুই কোম্পানীৰ বৰ জাহাজ আছে। সেই বোৰৰ লগত সদাই একোখন “ফ্লেট " বা আগুাবোট থাকে তবে নানাবিধ বস্তু অনানিয়া হয়।
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/২২৩
অৱয়ব