পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/২২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২০২ অসমীয়া সাহিত্যৰ চানেকি। ঠাইত মাজে গৈ কুঁৱৰীটোল পোৱা যায়। ইয়াৰ পৰা পূবলৈ যোৱা অলিয়ে উজনী পায়। ইয়াতে কলং পাৰ হৈ যোৱা আলিয়ে শিলঘাটলৈ যায়। কুঁৱৰীটোলৰ উজনীত হাটবৰ। ইয়াত মান আৰু কোম্পানীৰ সৈন্যৰ যুদ্ধ হয়। সেই যুদ্ধত মান হবে। অনেক মান যুদ্ধত তত নাপাই পলাব খুজি কলঙত পৰি মৰিল। ইংৰাজ সৈন্যে মানক খেদি যেতিয়া ৰংপুৰ নগৰ ললে, তেতিয়া চন্দ্ৰকান্ত সিংহ স্বৰ্গদেৱ তাত আছিল। তাৰ পৰা ৰজাদেৱ আহি কলীয়াবৰতে থাকে। এতিয়া যি ঠাই কুঁৱৰীটোল নামে খ্যাত, তাতেই এইজনা স্বৰ্গদেৱৰ কুঁৱৰীসকলৰ টোল আছিল। আবেলি কুৱৰাটোলৰ ঘাট পাৰ হৈ গধূলি ৭ বজাত শিলঘাট পালোঁ। কুঁৱৰীটোলৰ পৰা শিলঘাটলৈ যোৱা আলি পথাৰৰ মাজে গৈছে। শিলঘাটত লুইতৰ দাতিত এখন চাহ বাগিছা আছে। ইয়াত ডাকঘৰ আৰু টেলিগ্ৰাফ অফিচে আছে। ই জাহাজৰ আডডা বা ঘাট। ঘাটৰ পৰা প্ৰায় এমাইলমান দূৰৈত কামাখ্যা দেৱালয়। গুৱাহাটাৰ নীলাচলৰ কামাখ্যা নহয়। ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে প্ৰায শিলঘাটৰ সিপাৰে ভৈবৰী বা ভৰলু নদী। ইয়াৰ ওচৰতে ৰূদ্ৰেশ্বৰ দেৱালয। এই বৈৰী স্বৰ্ণ পাঠৰ সীমা। ইয়াৰ পূৰ পাৰৰ পৰা সৌমাৰ পীঠ। ইপাৰে আকৌ শিলঘাটৰ অলপ দূৰৈৰ বজলুগড়ৰ পশ্চিমৰ পৰ৷ কলীয়াবৰ। তাৰ সিফালে উজনা। কলীয়াবৰৰ পৰা ভটিয়াই যি দেশ আৰু মানুহ, সি বৰফুকনৰ অধীনৰ। কলীয়াববত সলালগোঁহাই নামে এজন কাৰ্যকাৰক আছিল। বঙ্গলুগড়ৰ পূৰৰ পৰা মৰঙ্গী। এই প্ৰদেশ ১৫২৭ (ইংৰাজী ১৩০৬) শকত পতা হয়। ই মৰঙ্গীখোৱা গোঁহাইৰ অধীনৰ। ইয়াৰে পৰা বৰবৰুৱাৰ অধীনৰ ৰাজ্য। ই ৰজাৰ ৰাজ্যৰ প্ৰথম বিভাগ। শিলঘাটত লুইতৰ মাজত বৰ পানীতে তল নোযোৱা দুটা শিল আছে। ইয়াৰ নাম দুইমুনিশিলা। এনে প্ৰবাদ আছে যে দুজনা মুনি শিলা হৈ আছে। সপ্ত ম্লেচ্ছৰ যুদ্ধ হৈ যেতিয়া এই দুইমুনিশিলাত তেজ পৰিব, তেতিয়া এই মুনি দুজন মুক্তি হব। ভাৰতবৰ্ষত যেতিয়া বৌদ্ধ ধৰ্ম প্ৰচাৰিত হয়, তেতিয়া অসম দেশতো সেই ধৰ্ম্ম চলে। সেই ধৰ্ম্ম লেপ হৈ পৌৰাণিক হিন্দু ধৰ্ম্ম আকৌ প্ৰবৰ্ত্তে। ডোম নামে প্ৰসিদ্ধ জাতিটো সেই বৌদ্ধ ধৰ্ম্মৰ সন্তান। বৌদ্ধ ধৰ্ম্মত জাতি বিচাৰ নাই। সকলোৰে সাম্যভাব। সকলো জাতিৰ মানুহেই গৃহী উদাসীন “শ্ৰমণ” (Sraman) অথবা ধৰ্ম্মাচাৰ্য্য হব পাৰে, কাৰণেই অনুমান হয় যে বৌদ্ধ ধৰ্ম্ম লোপ পোৱাতো কলিতা, কেওট, প্ৰভৃতি জাতিৰ লোক সকলেও হিন্দু ধৰ্ম