পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/২২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২০০ অসমীয়া সাহিত্যৰ চানেকি। হোৱা নাই। ৰাতি জোনাক, অমাৰ গাড়ী ঐমে আলিয়েইদি যাবলৈ ধৰিলে। এই আলিয়েই অসম দেশৰ “টুঙ্ক বেডি'—বৰ আলি। ধুবুৰিৰ ইপাৰৰ পৰা এই অলি গোৱালপাড়া আৰু কামৰূপ জিলাৰ মাজেদি দক্ষিণকুলে গুৱাহাটী সোমাই আহিছে। গুৱাহাটীৰ পৰা নগাও ৭৫ মাইল। নগাঁৱব পৰ। দক্ষিণ পাৰেই এই আলি, গোলাঘাট, যোৰহাট শিৱসাগৰ হৈ ডিবৰুগৰলৈকে গৈছে। তাৰ পৰাও এই বাজ্যৰ সামালৈকে এই আলিৰে যাব পাবি। কঙ্গৰ কামেই আলিৰ দুয়ো পাৰে গাঁও। আলিব মুখলৈ ঘৰৰ পদুলি। মহা সুখে আমি আলিয়ে গে আছে। গাৱত কোনো শব্দ নাই। গলিত বাটৰুৱা নাই। একেবাৰে নিন। ৮ মাইল গৈ আমি পুৰণিগুদাম পালো। এই ঠাইত মুচলমান। অনেক লোকৰ বসতি। এই ঠাইয়ে নগাও। বৃটিস্ গবৰ্ণমেন্টে এই অঞ্চল লোৱাত প্ৰথমতে ইযাতেই ছিপাহিৰ ছাউনি আছিল। ইয়াতেই সৈন্যৰ খোৱা- লোৱা আৰু ৰছদৰ গুদাম ছিল। এই আহিবে এতিয়া খাগৰীজানকে। লোকে গুদাম বেলে। ইয়াৰ পবা বাগৰা নামে ঠাইত ‘সদৰ মোকাম পতা হয়। তাৰ পৰাহে খাগৰীজানতো নগৰ পতা হয। এই পুৰনি গুদাম বেপাৰৰ ঠাই। মিকিৰ পৰ্বতৰ কপাহ প্ৰভৃতি বস্তু ইয়ালৈ আহে। ইয়াত এজন “অনবেৰি” বা বেতন নোহোৱা “মেজিষ্ট্ৰেট থাকে। ইয়াত এটি ডাকঘৰ আছে। মানৰ বিপ্লৱ ৩ নগাঁৱত বব উৎপাত হয়। ইংৰাজ সৈন্যে গুৱাহাটীৰ ফালৰ পৰা মানক খেদি নাত এই পুৰণিগুদামৰ ভাটিয়ে কাখৰী গাঁৱত ঘৰ এটাত অনেক মানুহ বান্ধি মানে ঘৰটো জুই লগাই পুৰি মাৰিলে! এই | নিৰ্দয় ভয়ানক নহত্যাৰ কথা মানুহৰ মনত এনেকৈ আছে যে এতিয়াও। যেন সেই পুৰি মৰা মানুহৰ চিৎকাৰ সময়ে সময়ে শুনে। পাঠক সকলে নগাঁৱৰ বিহুৰ কথা শুনিব পায়। এই পুৰনিগুদাম আৰু খাগৰীজানৰ মাজতে ৰাগদায়া আৰু পটীয়াবালি নামে কলঙ্গৰ দাঁতিত দুখান ঠাই আছে। তাতেই বহাগৰ বিহুৰ সময়ত ডেকা ডেকেৰী সকলে গৈ ডোল আৰু টকা বজাই নাচে। এই আমোদ পূৰ্বে অতি প্ৰবল আছিল—ইমান যে গুৱাহাটী গৰগাঁৱৰ পৰা মানুহ আহি। বিহু চাইছিল। | নগাঁৱৰ পৰা ১২ মাইল আহিলো ৰাতি পুৱাল। পুৰণিগুদামৰ পৰা গৈ খুটাৰ কাণৰ উজনীত চামগুৰি নামে এখান বিল আছে। ইয়াৰ পঁতিতে এখান চাহ