পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/২২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সৌমাৰ-ভ্ৰমণ। বাগিছা আছে। চামগুৰি বিলৰ ওচৰতে আজি ৩১ বছৰ হৈছে, এখন হাট পত। হৈছিল। এই হাট পূৰ্বৰৰ ঠাইত নহলেও তাব উত্নীত ..আজিলৈকে আছে। ইয়াত এখান থানাও আছে। ইয়াৰ পৰা ৰঙাগবা পালোঁ। ইয়াতে প্ৰথমতে নগৰ পত হৈছিল, পাছে আচল দেখি খাগৰীজানলৈ নিয়া হল। চামগুৰিৰ পৰা ৰঙাগৰালৈ, ৩০ বছৰ পূৰ্বেৰ গাও নাছিল, মাজে মাজে দুঘৰ এঘৰ পমুৱা আছিল। ৰঙাগৰাতো অলপ কেইঘৰ মান মাত্ৰ মানুহ আছিল। কিন্তু এতিয়া চামগুৰিব পৰা ৰঙাগৰাৰ সিফাললৈকে লেহেৰা গাও। ৰঙাগব। নগাঁৱৰ পৰা ১৬ মাইল। আজি কিছুমান বছৰ হৈছে ইয়াত এখনি সদাশিৱব স্থান আবিস্কৃত হৈ প্ৰতিষ্ঠিত হৈছে। ইয়ালৈ সময়ে সময়ে যাত্ৰী যায। বঙাগৰাৰ পৰা মিছা নোপোৱা মানলৈকে আলিৰ দুয়ো ফালে হবি। দক্ষিণ ফালে *লনা, আমলখী প্ৰভৃতিলৈ যোৱা বাটৰ মুখ। আমাৰ লিটা ঢামব। গড় নামে এটা গড় পাৰ হৈ গৈছে। দক্ষিণকুলে মিকিৰ পৰতৰ পৰা লুইতলৈকে আৰু লুইতব উত্তৰ পাৰেও কিছুমান দূৰলৈ এই গড় আছে। এই গড় কছাৰী আৰু মচলমানৰ আক্ৰমণ নিবাৰিবলৈ ১৫৩৮ শকত কৰা হৈছিল। এই গড়েই কলিয়াবৰব পশ্চিম সীমা। দীজু আৰু মিছানামে দুখান নদী মিকিৰ পৰতৰ পৰা ওলাই কঙ্গত পৰিছে। ৰঙাগৰাব পৰা মিচালৈ আলিৰ দাছিত যদি গবৰ্ণমেন্টে মানুহৰ “বস্তি হবলৈ অলপ সুগম নিয়ম কবি দিয়ে ইয়া গাঁও হৰৰ সম্ভাবনা। সেইয়ে হলে বাটৰুৱাৰ বৰ উপকাৰ হয়। | চামধৰ। গড় পাব হৈ আমি কলিয়াবৰ সোমালো। কলীয়াৰবৰ এটি পৰ্বত কলীয়া বা কলা বৰগছ আছিল, তাৰপৰাই কলীয়াৰৰ নাম প্ৰখ্যাত হোৱা বুলি কয়। মিছা এখন হাট আছে। ইয়াৰ ওচৰতে নিজৰী চাহ বাগিছা। ইয়াত ডাকঘৰ আৰু টেলিগ্ৰাফ অফিচো আছে। মিছা নদীৰ মুখতে ৰুদ্ৰসিংহ স্বৰ্গদেৱ ১৬৩৩ “কত বাহৰ কৰি আছিল। ইয়ালৈকে জয়ন্তীয়াৰ ৰজা আৰু কছাৰীৰ বজ। স্বৰ্গদেৱেবে সাক্ষাৎ কৰিবলৈ আহিছিল। মিছা বা মিছামুখ পূৰ্ববে। বিখ্যাত ঠাই; | এতিয়াও সি ক্ৰমে উন্নতিৰ বাটলৈ আহিছে। খৰালি কাড়িকাটীৰ মুখ মাৰ যায় কলং শুকায়। মিছা আৰু দীজুনামে নদীৰ পানীয়েই কলঙৰ পুষ্টি সাধন কবে। মিছা এবি কেইমাইল মন গলেই কলীয়াবৰৰ গাঁও পোয়া যায়। ইয়াৰে। কলঙৰ দুয়ো দাতিয়ে গাও। এই গাঁওবোৰত অনেক সত্ৰ। অধিকাশ সব মৰাণ আৰু মানৰ দিনৰ পৰা প্ৰতিষ্ঠিত হৈছে। গাৱৰ কোনো ঠাইত দাতিয়ে আৰু কোনো ২৬