১৯৬ তাসমীয়া সাহিত্যৰ চানেকি। কৰে। ভাৰতবৰ্ষৰ জ্যোতিষ গণনাৰে মাঘৰ বিহুৰ দিনা উত্তৰায়ণ সংক্ৰান্তী সেই দিনাৰ পৰা শীত হাস হবলৈ ধৰে। কৃষকে ধান মাহ পথাৰৰ পৰা শস্য চপাই লয়। সেই মাঘ মাহতেই কৃষিৰ বৎসৰ আৰম্ভ হয়। সেই কাৰণে ই মহা সন্তোষৰ দিন। সেই কাৰণেই পৰস্পৰে এইৰূপ প্ৰীতি সম্ভাষণ কৰি ৰঙ্গ ধেমালি কৰে। আৰু নাম গুণ গায। গৰু মহে উদঙ্গ মেলা হয়। সেইৰূপে বহাগৰ বিহুৰ দিনা সূৰ্য্য বিষুব ৰেখালৈ যায। গ্ৰীষ্ম আৰম্ভ হয়। খেতিয়কে খেতিলৈ বড় আগ্ৰহেৰে গ্ৰসৰ হয। বসন্ত কালৰ গতিকে জাৰ কালি পাত সৰি যোৱা গছো সতেজ হয। মানুহৰ মন উৎসাহ পূৰ্ণ হয়। পূৰণি বছৰে বিদায় পায়। নতুন বছৰ সোমাব সেই কাৰণেই এই দিনা অনিন্দৰ দিন আৰু সেই কাৰণেই পৰম্পবে প্ৰীতি সম্ভাষণ কৰে। তিৰোতা বিলাকেও কাতিমাহব পৰা দীঘল বাতি পাই ন কপাহৰ সূতা কৰি বছেৰেকলৈ কাপড় বই থই। ভক্তি আৰু প্ৰীতিৰ পাৰক কাপড় বিমান” বুলি দিযে। আমাৰ দেশত পূৰে দুৰ্গোৎসৱ সাধাৰণৰ মাঝত প্ৰবেশ কবা নাছিল। দুৰ্গোৎসৱত চণ্ডীপাঠ হয। বলিদান কৰিব লাগে। সুৰ বজাই চণ্ডীপাঠ কবি বলিদান দি দুৰ্গা পূজা কৰা কাৰণেই ভ্ৰষ্ট ৰাজ্য হইছিল। সেই দেখি প্ৰতিমা সাজি দুৰ্গা পূজা কেৱল ৰজা ঘৰত হৈছিল। আনব প্ৰতি নিষেধ আছিল। কামাখ্যা প্ৰভৃতি কোনো কোনো দেৱালযত দেবী পূজা হয়। ৰজা বিনে ইতৰ মানুহৰ মাৰাত মুকলি মুৰিয গোসাই প্ৰভৃতি কেইঘৰমান মানুহে ঘট স্থাপন কবি চণ্ডীপাঠ কৰাই পূজা এভাগ কৰাইছিল। ৰজা ঘৰত যি পূজা হয় সেই পূজাকেই নগৰৰ মানুহে চাইছিল। চহৰত পূজাৰ সময়ত বজাৰ ঘৰত যি পাইক খাটিব লাগে বা বস্তু শোধাব লাগে, সেই বোৰেই দুৰ্গোৎসব দেখিছিল। এতেকে দুৰ্গোৎসৱ ইতৰৰ পক্ষে তেনে উৎসব নাছিল। ব্ৰিটিশ গবৰ্ণমেণ্টৰ দিনত তেনে কোনো বাধা নাই আশঙ্কা নাই। বঙ্গালী লোক আহিল। সেই সকলে দেশত দুৰ্গোৎসৱত বিশেষ আমোদ কৰে। আমাৰ বহাগৰ বিহুত যেন বিহু মাননী দিযাৰ প্ৰথা বঙ্গ দেশৰ হিন্দু সমাজততা পূজাত সেই ৰীতি। এতিযা নগৰৰ লোকে (শাক্ত হলে) যাৰ সাধ্য আছে প্ৰতিমা সাজি দুৰ্গোৎসৱ কৰিবলৈ ধৰিছে। কোনো ঠাইত আকৌ অনেক লগ লাগি ৰাজহুৱাকৈ দুৰ্গোৎসৱ কৰিবলৈ ধৰিছে। বঙ্গাল দেশৰ এটা নিয়ম আছে যে বিজয়াৰ দিনা গোসানী উটাৰৰ পাছত লোক সকলে কোলাকুলি অৰ্থাৎ দিঙ্গিত ধৰাধৰি কৰি সম্ভাষণ কৰে। আৰু তাৰ পাছেও কেইবা
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/২১৬
অৱয়ব