পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/২১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৯৫ সৌনাৰ ভ্ৰমণ। গাড়ীও পোৱা হল। তাত বহি শুই থিয় হই সুন্দৰে যাব পাৰি। তাৰ চাৰিও ফালে মন গলেই মেলিব সামৰিব পৰা উত্তম কেনবে কাপড় পৰ্দা।। গাড়ী খানি কাঠৰ, ৰঙ্গদিয়া। বস্তু বাহানি থলকে৷ তলত ভাল সঞ্জোগ আছে। নামিব উঠিবলৈ খাপ আছে। এই গাড়ী পবলিক ওয়াৰ্কস (গড়কাপ্তানি) ডিপাৰ্টমেন্ট সবএঞ্জিনিয়াৰ বাবু, পূৰ্ণচন্দ্ৰ বন্দ্যোপাধ্যায়ৰ নতুন প্ৰনালি আৰু কৌশলেৰে ভাটীৰ ফালৰ এইৰূপ গাড়ীৰ অৰ্হিৰে কৰিছে। তেও তানুগ্ৰহ কৰি আমাক জাহাজ ঘাটলৈ যাবলৈ সেই গাড়ী দিয়াত তাকেই আমি ধন্যবাদেৰে গ্ৰহন কৰিলোঁ। বিজয়া শুভদিন হলেও সেই দিন যাব পৰা নহল। তাৰ পাছ দিন শনিবাৰ তিথী একাদশী। “পূবে গপলী পশ্চিমে উষা। উলুবে মধ্যাহ্বে দক্ষিনে নিশা।” যাত্ৰাৰ উপযুক্ত সময়। উজনী আমাৰ পূৰ্ব দিশে এতেকে শনিবাৰে পূবলৈ যাব লগিয়া হলেও, সেই দিন গধুলি যাত্ৰা কৰিবৰ সময় নিৰ্দিষ্ট কৰা হল। এজন সৌমাৰ যাত্ৰীৰ “ডায়েবি” অৰ্থাৎ দৈনকি টোকাৰ পৰা উদ্দত। সম্পাদক। | যাত্ৰা কিয় কৰে ইয়াৰ কাৰণ ঢালে জানা যায় যে ইয়াৰ উদ্দেশ্য মহৎ। এঠাইৰ পৰা আন ঠাইলৈ যাবলৈ প্ৰস্তুত হোৱা যায়। যাক যি কৰলাগে যি যি কৰিব লাগে যাত্ৰা কৰি যাম বুলি ওলালে তালৈ সুবিধা হয়। কোনো কথা পাহৰণ হলেও সোঁৱৰণ হবৰ অনেক সুযোগ হয়। বন্ধুবান্ধৰক সক্ষাৎ কৰি মাত বোল লগাই যোৱ। উচিত আৰু শিষ্টাচাৰ। আৰু ৰাস কৰিবৰ আৰম্ভনটোও ভালকৈ জন। যায় ঘোৰ ৰাতিৰ পৰা যেনেকেই একেবাৰে দিন হলে সুবিধা জনক নহয় আৰু ক্ৰমে ক্ৰমে হলে যেনে ভাল হয় সেইৰূপ এই যাত্ৰা ও নিবাস পৰিত্যাগ কৰি প্ৰবাস উদ্যোগ কৰা দিবা বাৰি প্ৰবৰ্তনৰ উষা অৰু গধূলি সন্ধ্যাব। সন্ধিক্ষনো তেনে। বিজয়াব পাছদিনা গধূলি নিবাস পবিত্যাগব সময় স্থিৰ। হলেও আমি বিজয়ৰ দিনাই যাত্ৰা কৰিলোঁ। ঈশ্ববে যাত্ৰা শুভ কৰোক। যাত্ৰা। আমাৰ দেশৰ এটা পূৰ্বাপৰ প্ৰচলিত ৰীতি যে মন আৰু বৈশাখৰ বিহুৰ দিনা আৰু তাৰ পাছেও কেইবা দিনলৈকে পিতৃ মাতৃ গুৰু জেষ্ঠ জনক লোকে সেৱা কৰে আৰু আশীৰ্বাদ লয়। সমনীয়াই সাক্ষাৎ কৰি আনন্দ