পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/২১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সৌমাৰ ভ্ৰমণ। ১৯৭ দিনলৈকে ইজনে সিজনৰ লগত দেখা সাক্ষাত বা তাকস্মাৎ দেখা হলে কোলাকুলি আলিঙ্গন কৰে। এইৰূপ প্ৰিয় সম্ভাষণ সমাজৰ শান্তি আৰু পুষ্টি বৰ্ধক। ইংৰাজৰ লগতেই বঙ্গালা বিলাক বৈষয়িক কাণ্য উপলক্ষে এই দেশলৈ আহে। পাছে অসম দেশৰ কৃষি বানিজ্য উন্নতি হোৱাত অনেক বঙ্গালী এতিয়া এই দেশলৈ আহিবলৈ ধৰিছে। বিজ্ঞান মতে আমাৰ দেশ জাতি প্ৰাচীন। অসমীয়া, ভোট, ডফলা, গড়ে প্ৰভৃতি পাতাযা। অসমৰ সীমা থাৎ গোয়ালপাড়াৰ ভাটীৰ যি পৃথিবী সি বঙ্গাল দেশ গাৰু তাৰ মানুহ বঙ্গালী। ঢাকা, কলিকাতা, কাশী, বোম্বাই, পঞ্জাব, কাবুল ইউৰোপ আমাৰ পক্ষে সকলো সমান। কি ব্ৰাহমন কি যবন, কি মেচ্ছ গোসল-পাড়ৰ ভাটীৰ মানুহ হলেই আমাৰ মতে বঙ্গাল বা বঙ্গালী। আৰু সেই দেশে বিদেশ, কেবল এতিয়া সৰহকৈ বিদেশী মানুহ অহাত কোনো এ দেশোয়ালা, কাৰণা, ইংৰাজ গোবা বেপাৰী, শিলটায়া প্ৰভৃতি কেইটামান বঙালীব উপজাতি বুলি স্বীকাৰ কৰিবলৈ ধৰিছে। মানুহৰ স্বভাব অনুকৰণীয। কোনো জাতিযে কোনো জাতিক পৰাস্ত কৰি দেশ জয় কৰিলে সেই পৰাস্ত হোৱা জাতি এ সেই জয় কৰা জাতিৰ বাতি নাতি ব্যৱহাৰ উন্নত আৰু উৎকৃষ্ট বুলি জানি তাক অনুকৰণ কৰিবলৈ ধবে! ই এক প্ৰকাৰ স্বতঃসিদ্ধ কথা। প্ৰথমে ইংৰাজ আৰু বঙালী এই দেশলৈ অহাত আমাৰ মানুহে দুইকে। একে বঙাল বুলিছিল। সেই কাৰণেই বঙালী দিন বুলি কৈছিল আৰু এতিয়াও কবলৈ এৰা নাই। সেই অনুকৰণ স্পৃহা ছবিতাৰ্থ কৰিবলৈ আমাৰ মানুহৰ মন গ'ল। কিন্তু ইংৰাজ দূৰৈৰ বঙ্গাল, বঙ্গদেশীয় সকল ওচৰৰ বঙ্গাল। ইজিব বাতি নীতি আচাৰ ব্যৱহাৰ মাত কথা শৰাৰ বল বৰ্ণ আমাৰ লগত অনেক পৃথক। বঙ্গদেশীয় আৰু হিন্দুস্থানী মানুহৰ লগত বিশেষকৈ বঙ্গদেশীয় লোকব লগত আমাৰ আচাৰ নীতি, মত কথা বল বৰ্ণত বিশেষ বেলেগ নাই। এতেকে তামাৰ মানুহে বঙ্গদেশীয় বঙালৰ ৰীতি নীতি মাত কথা ভালেই হওক বা বোই হওক সকলোব অনুকৰণ কৰিবলৈ ধৰিলে। সেই অনুকৰণৰ নিমিতেই দুৰ্গোৎসৱৰ নিয়ম ও আমি লইছো। ক্ৰমে বঙলি দেশৰ দৰেই গাৱতে সোমাব এনে আশা কৰিছে।। বিজয়াৰ পাছত আত্মীয় জনৰ লগত সাক্ষাৎ কৰা কোলাকুলি কৰা ৰঙালীৰ ব্যৱহাৰ মতে আমিও আমাৰ আত্মীয় সকলৰ লগত সাক্ষাৎ প্ৰিয় সম্ভাষণ আৰু কোলাকুলি কৰিলো। বিশেষকৈ আমি উজানলৈ ওলাইছো। অনেক দিনৰ মূবত অনি ঠাইলৈ গৈ ন ন বস্তু দেখিম ন ন কথা শুনিম বিশেষকৈ বহু দিনৰ পৰা বাঞ্ছা কৰি