পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/২০৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৮৮ অসমীয়া সাহিত্যৰ চানেকি। বলৱান হব নোৱাৰে। কোমল বস্তু যে বলৱা নহয়, তাৰ দৃষ্টান্ত দেখাতে লৰা আৰু বয়সীয়া মানুহৰ তুলনা দিলেই হয়। বয়সীয়া মানুহতকৈ লৰাৰ গা কোমল, এতেকে ডেকাতকৈ লৰা নিৰ্বল। বলবান মানুহ উৎসাহী আৰু সাহিয়াল হয়, আৰু বৰ পৰিশ্ৰমৰ কামো অনায়াসে কৰিব পাৰে। নিৰ্বল মানুহ এলেহুৱা, ভয়তুব; আৰু অলপ পৰিশ্ৰম হোৱ। এটা কাম কৰিলেই এান্ত হয় বা কৰিবই নোৱাৰে। দুৰ্বল মানুহক ৰোগেও অতি শীঘ্নে পড়ে। অটিল গাবে, বলবন্ত মানুহক নৰিয়াই সিমান কণ্ঠ দিব নোৱাৰে। এই কাৰণেই আপোনাৰ শৰাৰ দৃঢ় আৰু বলিষ্ঠ কৰা উচিত; তাকে কৰিব লাগিলে নিতে উত্তমৰূপে অঙ্গ বিলাকক পৰিচালনা কৰিব লাগে। হাত, ভৰি আৰু গা এই বিলাকক চলাই থাকিলে সিহতে আটমাৰে, লঘু আৰু কাৰ্য কৰিবব যোগ্য হয়, গহীৰেও শীঘ্নে পাক পায, আৰু তেজ মাস হৈ গোটেই গালৈ চলি যায়; তাতে গা পুষ্ট আৰু সবল হয। কিন্তু যি অঙ্গকে চলোৱা নেযায়, সিয়েই দুৰ্বল আৰু কৰ্ম্মা হয়। অনেকেই উৰ্ধ-বাহু সন্যাসী দেখিছে। তেনে মানুহে হাত এটা ওপবলৈ দাঙ্গি লৰচৰ নকৰাকৈ থকাত সেইটো হাত একেবাবেই অকামিল হৈ পবে। কিন্তু সদায় হাওৰা মাৰি পকা কমাৰৰ হাত বলবান আৰু টান। ইয়াৰ দ্বাৰা বুজা যাব পাবে যে, যি মানুহে যি পৰিমাণে অঙ্গ বিলাক চলায়, সেই পৰিমাণে তাৰ গা দৃঢ় আৰু সবল হয়। তঙ্গ চালনৰ অনেক উপায় আছে; প্ৰথম ব্যায়াম, যাক হিন্দী ভাষাত “কুস্তা' বোলা যায়; কিন্তু নিশিকিলে তাক কৰিব। নোৱাৰি, এতেকে সি সকলোৰে সাধ্য নহয়। তাত বাজে নাও বোৱ কেৰিমৰা খোজ কাঢ়ি ফুৰা, ভটাগুটি, ঢেপি, বা বল খেলোৱা আদি শাৰীৰিক পৰিশ্ৰমৰ কাম অনেক আছে। সেই বিলাকৰ ভিতৰৰ যি যিটো পাৰে, তাক নিতে এই পৰিমাণে কৰা উচিত, যেন গাৰ সকলো অঙ্গ পৰিচালিত হয়, অথচ নিজে সহিব পৰাতকৈ অধিক এম নহয়। যিবিলাক মানুহ কামত নিযুক্ত হৈ সদায় ফুৰি থাকে, সেই বিলাকতকৈ যি সকলে লিখি পঢ়ি বা এনেই ঘৰত বহি থাকি কাল খেদায়, সিবিলাক ওপৰত কোৱাৰ দৰে শাৰীৰিক পৰিশ্ৰম কৰিবৰ অধিক অৱশ্যকত পৰে। গাৰ অঙ্গ নচলাই সদায় মনটো চলাই থাকিলে শৰীৰ আৰু মন দুয়ো অতি শীঘ্ৰে নিস্তেজ আৰু জীৰ্ণ হয়। এতেকে মনেৰে শ্ৰম কৰা লোকবিলাকে গাৰেও শ্ৰম কৰিব লাগে। কোনো এজন জ্ঞানী বৈদ্যে কৈছে যে, নিৰ্ম্মল বতাহ, বিশুদ্ধ পানী আৰু শাৰীৰিক পৰিশ্ৰম, এই তিনিয়েই মানুহৰ ঘাই চিকিৎসক।