বিলাকে তেওঁ লোকৰ বিয়াত অগ্নিৰ আগত দেৱতা আৰু পিতৃ বিলাকক সাক্ষী কৰি ভাৰ্য্যাক এইৰূপে কয়—তোমাৰ প্ৰাণে সৈতে মোৰ প্ৰাণক, তোমাৰ হাড়ে সৈতে মোৰ হাড়ক, তোমাৰ মঙ্গহে সৈতে মোৰ মঙ্গহক, আৰু তোমাৰ ছালে সৈতে মোৰ ছালক মিলাওঁ।
ইয়াৰ দ্বাৰা দেখা যায় যে ভাৰ্য্যা আৰু স্বামীৰ একে দেহ, একে প্ৰাণ, দুইৰ ভিতৰত একো প্ৰভেদ নাই। এনে স্থলত যেতিয়া পুৰুষে ভাৰ্য্যা মৰি গলে, অৰ্থাৎ তেওৰ শৰীৰৰ এভাগ নষ্ট হলে তাক পুৰাই লব পাৰে, তিৰোতা সেই স্বত্বৰ পৰা বঞ্চিত হয় কিয়? বিধবা বিবাহৰ বিৰোধি বিলাকে ইয়াৰ কি উত্তৰ দিব? অবশ্যে তেওঁলোকে কব যে বিধবা বিবাহ শাস্ত্ৰৰ নিষিদ্ধ; কিন্তু তেনে কথা কবৰ এতিয়া সময় নহয়, সেই আপত্তি অনেক দিনৰ আগেয়ে খণ্ডিত হৈ গৈছে। বিধবাৰ বিয়াৰ মই পক্ষপাতি; কিন্তু মই এনেকৈ নকও যে তিৰোতা বাবি হলেই অবশ্যে আকৌ বিয়া কৰিব বা দিব লাগে। মোৰ মতে বিধবা বিয়াৰ দুৱাৰত যি এডাল ডাঙ্গৰ ডাং আছে সি গুছি বাটটো মুকলি হব লাগে, সেয়ে হলে এতিয়া যেনেকৈ ঘৈনিয়েক মৰা মতাই ইচ্ছা আৰু সুচল হলে অবাধে পুনৰায় বিয়া কৰে, তেনেকৈ গিৰিয়েক মৰা তিৰোতাইয়ো কৰিব। যি বিলাক ছোৱালী—ফুলতে বাৰি হয় বা সন্তান হোৱাৰ আগেয়ে স্বামীক—হেৰুৱাই, সেই বিলাকৰ বিয়াই—প্ৰশস্ত; কিন্তু আন বিধবা বিয়াতো বাধা থাকিব নেলাগে। আমাৰ শিক্ষিত ডেকাবিলাকৰ মূৰত এটা বৰ গধুৰ বোজা আছে, সেই কথা সিবিলাকে ভাবিচোৱা উচিত। ইয়াৰ পাচত তেওঁবিলাক সমাজৰ নায়ক আৰু সাধাৰণ মতৰ স্ৰষ্টা হব; তেতিয়া তেও লোকে যেন কুসংস্কাৰ আৰু দেশাচাৰৰ দাস হৈ নেথাকে, আৰু বিধবাৰ বিয়াৰ বাটটো বহলায়, এয়ে মোৰ আন্তৰিক ইচ্ছা আৰু প্ৰাৰ্থনা। পূজনীয বিদ্যাসাগৰে বিধবা বিবাহ যে শাস্ত্ৰ সিদ্ধ ইয়াকে সপ্ৰমান কৰিয়েই মনে মনে নেথাকিল। আপোনাৰ পুতেকেৰে সৈতে বিধবাৰ বিয়া দিলে। কালৰ সোঁতত তেওঁ উটি গল। কিন্তু তাৰ বালিত তেওঁ যি খোজৰ সাঁচথৈ গৈছে, সি চিৰকাললৈকে থাকিব, লুপ্ত নহয়; সেই খোজৰ পাচত চলোতা মানুহ আমাৰ দেশত ওলাব কেতিয়া। প্ৰতিধ্বনিয়ে সুধিছে কেতিয়া?
⸻