পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/১৯৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পাই-মালা। —১২০০ সম্মান। (R-Ict) ঈশ্বব, পিতৃ-মাতৃ, শিক্ষক, দেশৰ অধিকাৰ আৰু বুঢ়া লোক, এই সকল সন্মানৰ পাত্ৰ। যি আদি কাবণৰ পৰা এই পৰিদৃশ্যমান জগতৰ উৎপত্তি হৈছে, সেই কাৰণৰ নামেই ঈশ্বৰ। তেওঁ সকলোবে আদি, কিন্তু তেওঁৰ আদি নাই; সকলোৰে অন্ত আছে, তেওঁৰ অন্ত নাই। তেওঁ দেৱতাবে। দেৱতা, বিধাতাবে। বিধাতা। ৰজাৰে। ৰজা আৰু সকলোবে সৃষ্টি আৰু পালন কত্ত।; একে তেওঁক এদ্ধা আৰু ভক্তি কৰা সকলোৰে উচিত। পৃথিবীত মানুহৰ যত মান্য লোক আছে, তেওঁ সেই সকলো বিলাকতকৈ তাধিক ত্য। সকলো দেশৰ, সকলো জাতিৰ, সকলো ধৰ্ম্মৰ জ্ঞানী লোকবিলাকে তেওঁক বিশ্বাস আৰু ভক্তি কৰে, আৰু যাৰ তেওঁত শ্ৰদ্ধা ভক্তি নাই, তাক নাস্তিক বুলি ঘিনায়; এতেকে তোমাৰ সমুদায় মন, বুদ্ধি আৰু শক্তিৰে তেওঁক শ্ৰদ্ধ! আৰু ভক্তি কৰিব। | ঈশ্বৰৰ পাচতে পিতৃ মাতৃ আমাৰ মাননীয়; তেওঁবিলাকেই আমাক জন্ম দিছে, আৰু তেওঁলোকৰ পৰাই আমি এই বিচিত্ৰ সংসাৰ দেখিবলৈ পাইছোঁহঁক। আমি যেতিয়া কেঁচুৱা আছিলো, আমাৰ উঠি লৰি ফুৰিবৰ শক্তি নাছিল, তেতিয়া তেওঁবিলাকে কত দুখ সহি, কোলাত লৈ আমাক তুলিছিল; আমি নেখালে তেওঁবিলাকৰ আহাৰত ৰুচি নহৈছিল; আমি গাত দুখ পালে বা নৰিয়া পৰিলে শোকত বিহবল হৈ তেওঁবিলাকে আমাৰ আবোগ্যৰ নিমিত্তে যত্ন কৰিছিল; আন কি? আমাৰ কুশলৰ কাৰণে প্ৰাণকে উচৰ্গিছিল। আমি অলপ ডাঙ্গৰ হলত সিবিলাকে আমাক জ্ঞান বিদ্যা শিকাই ভাল লোক কৰিবৰ নিমিত্তে পাৰে মানে যত্ন কৰিছিল, আৰু এতিয়াও আমি ধৰ্না মানী যশস্বী হলে সিবিলাকৰ আনন্দৰ সীমা নেথাকে; কিন্তু আমাৰ দুৰ্ঘশ বা দুৰ্ভাগ্যৰ কথা শুনিলে মুখ মলিন, আৰু