পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/১৯৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৭৬
অসমীয়া সাহিত্যৰ চানেকি।


বাবে গবৰ্ণমেণ্টৰ পৰা সকলোৱে মুলি ১,১০০ এঘাৰশ টকা পুৰস্কাৰ পাইছোঁ। মই চৰকাৰী কামৰ পৰা অবসৰ পোৱাৰ পাচত (ইংৰাজী ১৮৮২ শকত) দেশহিতৈষী কিছুমান অসমীয়া ভদ্ৰলোকে আসাম নিউচ নামেৰে এখান ইংৰাজী অসমীয়া, সাপ্তাহিক বাতৰি কাকত চলাবলৈ স্থিৰ কৰি মোক তাৰ সম্পাদক নিযুক্ত কৰাত মই তিনি বছৰ মান আনৰ পৰা অধিক সহায়তা নোপোৱাকৈ, একে হাতে সেই কাকত চলাওঁ; কিন্তু কওঁতে বেজাৰ লাগে যে সি চিৰজীৱী নহল। কিছুমান বছৰৰ আগেয়ে অসমীয়া ভাষাৰ এখান ডাঙ্গৰ, অসমীয়া ইংৰাজী অভিধান লিখিছিলোঁ। সি সম্পূৰ্ণ্ণ হৈ পৰি আছে এতিয়ালৈকে পোহৰ দেখা নাই।

 মই গুৱাহাটীলৈ অহাৰ আগয়েই বিয়াকৰি মোৰ ভায্যাক ঘৰলৈ আনিছিলোঁ, আৰু মই শিৱসাগৰ এৰি অহাৰ সময়ত তেওঁ সগৰ্ভা আছিল। পাছে ইং ১৮৬৩ শকত এটী ছোৱালী পাই ১৮৬৫ শকৰ নবেম্বৰ মাহত জহনী ৰোগৰ হাতত প্ৰাণ সমৰ্পিলে। মই পুনৰায় বিয়া নকৰিলো। আজি কালি আমাৰ সমাজৰ অৱস্থালৈ চাই ভাৰ্য্যা মৰা পুৰুষে পুনৰায় বিয়া কৰা গোটেই নিন্দনীয়। মই ভাবি চলোঁ –“মোৰ ভাৰ্য্যাৰ নহৈ মোৰ মৃত্যু হোৱা হলে তেওঁৰ কি অৱস্থা হল হেতেন? তেওঁ মৰিছে, তথাপি মোৰ ইচ্ছা হলেই মই এটা কিয়? তিনটা বা অধিক বিয়া কৰিব পাৰোঁ; কিন্তু বিধবা হোৱাৰ পাচত পুনৰ বিয়াৰ নাম লোৱা মাত্ৰেই তেওঁৰ জাতি গল হেতেন—সমাজে বৰ্জ্জিলে হেতেন আৰু তেওঁ জীয়ন্ততে মৰা যেন হৈ থাকিল হেঁতেন। ই কেনে অসঙ্গত কেনে অযুগুত!!! এতেকে পুনৰায় বিয়া কৰা মোৰ উচিত নহয়”

 শাস্ত্ৰ নেলাগে যুক্তিলৈ চালেই বিধবাৰ বিয়াত যে কোনো দোষ নাই তাক বুজিব পাৰি, আৰু শাস্ত্ৰৰো যুক্তিয়েই মূল; কিয়নো সেই শাস্ত্ৰতে লিখা আছে, “যুক্তিহীন বিচাৰেণ ধৰ্ম্মহানিঃ প্ৰজায়তে” এতিয়া চাওঁহকচোন মতা, তিৰোতা দুটা সমান জীব, ভোক, পিয়াহ, টোপনি, বোধ, ইচ্ছা, অঙ্গ, প্ৰত্যঙ্গ, জন্ম, মৰণ, দুইৰো সমান। তথাপি এটাৰ যি স্বত্ব আছে, আনটোৰ সি নাই বোলা কথাটো কিমান অন্যায়, ইয়াক যাৰ অলপ মান জ্ঞান আছে, সিও বুজিব পাৰে। ঈশ্বৰৰ বা স্বভাৱৰ নিয়ম মতে বিধবাৰ বিয়া নিষিদ্ধ হোৱা হলে স্বামীৰ মৃত্যুৰ পাচত তিৰোতাৰ মনৰ পৰা সহবাসৰ বাঞ্ছা গুচি গল হেতেন, কিন্তু সকলোৱেই জানে তেনে কেতিয়াও নহয়। হিন্দু শাস্ত্ৰ মতে ভাৰ্য্যা স্বামীৰ অৰ্দ্ধাঙ্গ, আৰু হিন্দু