মোক পুৰি মাবিব; এই ভয়তে মনে মনে আছোঁ, আৰু কিছুদিন বাট চাই পাচে যেনে উচিত বুজো কৰিম।
এই দৰে থাকোতে মোৰ ৯ বছৰ মান বয়স হোৱাত পিতৃয়ে মোক এদিন বিদ্যাৰম্ভ কৰালে, অৰ্থাৎ বৰ্ণমালাৰ সৈতে ভেটাভেটি নকৰোৱাকৈয়ে একেবাৰেই শব্দ সধাত লগালে, গৰু শব্দ সধাওতেই এইৰূপে মোক আখৰ চিনালে যেনে, এখান ফলিত বিভক্তি বিলাকেৰে সৈতে সাধিব লগিয়া শব্দটে। লিখি দি তেওঁ মোক কয় “এইটো দেৱ শব্দ, এইটো দ তাতে এইটো একাৰ, দত একাবে দে, এইটো ৱ দেৱ!” এই প্ৰকাৰে আন বিলাক শব্দৰো আখৰবোৰ চিনাই দিয়াত শব্দ সাধনৰ অন্তত মই প্ৰায় সমুদায় আথৰ মাতিব পৰা হলো। যি অলপ বাকী আছিল, ধাতু সাধোতে সেই বিলাকতো মোৰ অধিকাৰ জন্মিল। কিন্তু ভালেমান বয়সলৈকে মই অঙ্ক শাস্ত্ৰৰ আদি ফলাবোৰ ক্ৰম লগাই মাতিব নোৱাৰিছিলোঁ। পূৰ্ব্বে সেই বিলাক নিশিকাই সেই অজ্ঞতাৰ কাৰণ আছিল। শব্দ ধাতু সধাৰ পচিত মাহচাৰেক দ্ৰোণপৰ্ব্ব কৰ্ণপৰ্ব্ব আদি অসমীয়া পদ পুথি, আৰু বঙ্গালী আখৰ চিনিবৰ কাৰণে, নীতিকথা তাৰু মনোৰঞ্জন কিতাপ পঢ়াত নিযুক্ত আছিলো। পাচে পিতৃৰ শিক্ষাৰ অধীনে ব্যাকৰণ পঢ়িবলৈ আৰম্ভ কৰে।। ১৭৬৯ শকৰ কাতি মাহলৈকে ব্যাকৰণ পঢ়ি সন্ধিত কিছু ব্যুৎপত্তি জন্মিছিল। সেই মাহৰ আদিতে বা তাৰ আগৰ মাহৰ শেষ ভাগত ৰজাবাহুৰ আৰু তাৰ ওচৰৰ গাওঁবিলাকত বিসুচিকা ৰাক্ষসীয়ে উগ্ৰমুৰ্ত্তি ধৰি দেখা দিয়ে; তাতে তেওঁৰ বহু কালৰ আশ্ৰিত ওচৰ চুবুৰিয়া বোৰক সেই পিশাচীৰ দাঁতৰ পৰা ৰক্ষা কৰিবৰ মনেৰে পিতৃয়ে সিবিলাকক কয় যে সেই ৰাক্ষসীযে কোনো মানুহৰ তেজ শুহিবলৈ ধৰাৰ চিন ওলোৱা মাত্ৰেই তেওঁক সম্বাদ দিলে, তেওঁ তাৰ প্ৰাণৰক্ষাৰ কাৰণে যত্ন কৰিব আৰু ঈশ্বৰৰ অনুগ্ৰহ হলে, কি জানি সি তাইৰ হাতৰ পৰা; সাৰিব; আৰু ৰাতিয়ো যেন কোনো জনক জহনীয়ে ধৰাৰ সম্বাদ তেওঁ সহজে পাব পাৰিব, এই কাৰণে তেওঁ তেওঁৰ শয্যা চৰাঘৰত পাতি ললে, আৰু এমাহ মান দিনে ৰাতিয়ে জহনীত পৰা ৰোগীৰ চিকিৎসাত নিযুক্ত থাকি ভালেমান মানুহ সেই দুৰন্ত ৰোগৰপৰা মুক্ত কৰিলে। কিন্তু জহনীয়ে শাম কটাত যেতিয়া গাওঁৰ সকলো মানুহ নিশ্চিন্ত হৈছিল, সেই সময়ত এদিন ৰাতিপুৱা সেই ৰাক্ষসীয়ে তেওঁক প্ৰবলৰূপে আক্ৰমণ কৰাত আবেলি ৩ বজা মানত শেষ উশাহলৈ তেওঁ স্বভাবৰ ধাৰৰ পৰা মুক্ত হল।