সমললৈ যাওক

পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/১৯১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৭১
আত্মজীৱন চৰিত।

 সেই সময়ত মোৰ দদাইদেও লক্ষ্মীনাথ বৰুৱা শিৱসাগৰত কলেক্টৰীৰ চিৰস্তাদাৰ আছিল। পিতৃৰ মৃত্যুৰ সংবাদ পাই তেও আমাৰ ঘৰলৈ গৈ আমাৰ পৰিয়ালৰ সকলোকে শিবসাগৰলৈ নিলে। আৰু চৰকাৰী কাম শিকিবৰ নিমিত্তে মোক মাহে ৪ টকা বেতনত নবিচ নিযুক্ত কৰিলে। তাতে মই নিতৌ দিনত কাছাৰিত বঙ্গালী লিখিব পাঢ়িবলৈ শিকি পূৱা গধূলি উৰ্ব্বীধৰ শিৱসাগৰীয়া বৰুৱাৰ পঢ়াশালিত সংস্কৃত পঢ়িবলৈ ধৰিলোঁ। দদাইদেও ইংৰাজী শিক্ষাৰ গোটেই বিৰোধী আছিল। এই কাৰণে সেই বিদ্যাৰ অভ্যাস কৰিবলৈ আগ বাঢ়িব নোৱাৰিলো। কিন্তু মাঝে মাঝে সেই সমযৰ শিৱসাগৰ জিলাৰ অধিপতি কাপ্তান ব্ৰোডী চাহাবৰ ঘৰলৈ গৈ দেবনাগৰী আখৰেৰ লিখা হিন্দী, অৰ্থাৎ ব্ৰজভাষা শিকিছিলো। তেওঁ বৰ বিদ্যোৎসাহী আছিল, আৰু বিদ্যা শিক্ষাত যত্ন কৰা ডেকাবিলাকক মৰম কৰিছিল। হিন্দী শিকিবলৈ মোৰ বৰ আগ্ৰহ দেখি তেওঁ মোক উৎসাহেৰে সেই ভাষা শিকাইছিল। তেওঁৰ অনুগ্ৰহতে মই প্ৰেম সাগৰৰ পুথি বিলাক ভালকৈ পঢ়িব আৰু বুজিব পৰা হলো, আৰু এতিয়া ব্ৰজভাষাত মোৰ জি অলপ ব্যুৎপত্তি আছে সি তেওঁৰ কৃপাৰেহে ফল মাথোন।

 যদিও দদাইদেওৰ ইচ্ছাৰ বিৰোধে দেখাশুনাকৈ ইংৰাজী শিকা মোৰ পক্ষে অসম্ভব আছিল, তথাপি গোপনে তাৰ অভ্যাস কৰা একোটান নহয়, মোৰ মনত এনে এটা ভাব হোৱাত এদিন মই ব্ৰোডী চাহাবৰ ঘৰলৈ গৈ এখনি ইংৰাজী বৰ্ণ-বিণ্যাসৰ পুথি খুজিলো। তাতে তেওঁ বৰ ৰঙ্গেৰে মোক এখনি পুথি দিলে, আৰু প্ৰতি দেওবাৰে তেওঁক মোৰ শিক্ষাৰ মহলা দিবলৈ কলে। ইংৰাজী পুথি পালো হয়; কিন্তু তাক পঢ়িবলৈ সময় পোৱা শুদা কথা নাছিল। কিয়নো ৰাতিপুৱা দশ বজা মানলৈ সংস্কৃত পঢ়া, পাচে এঘাৰ বজাত কাছাৰিলৈ গৈ পুনৰায় চাৰি বজা মানৰ পৰা আঠ কি ন বজা মানলৈকে সংস্কৃতৰ অনুশীলন কৰা মোৰ দৈনিক কায্য আছিল। সন্ধ্যা সমযত মাথোন অলপ আজৰি পাইছিলো। তাতে ঢৌতে খৰ দি সময়ৰ আগচুলিত খামোচমাৰি ধৰিছিলো। আৰু মোৰ সমান বয়সীয়া বন্ধু বিলাকৰ সাহায্যেৰে, দুই সপ্তাহ মানৰ ভিতৰত, ইংৰাজী বৰ্ণমালাৰ দুয়ো বিধৰ আখৰ বিলাকেৰে সৈতে চিনাকি হৈছিলো। এনেতে মোৰ বিদ্যাৰ যশস্যাৰ ধ্বনি শিৱসাগৰীয়া বৰুৱাৰ কাণ চুলেগৈ। তেওঁ সেই কথা দদাইদেওক নজনাই থাকিব নোৱাৰিলে। এই সম্বাদে তেওঁক পানিৰ ছাট পোৱা পকা তেলৰ দৰে জনালে। আৰু মোৰ ফলি পুথি বান্ধিলৈ ঘৰলৈ উলটি অহা আৰু ইংৰাজী