পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/১৮৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

AAM Cc A BIR DTUF6 আত্মজীৱন চৰিত। MAHAR M48. 3 t* » "% &।ta' অত্মজীৱন চৰিত। ১৭৫৭ শকৰ অঘন মাহৰ ২৪ দিন যাওঁতে মঙ্গলবাৰ কৃষ্ণা চতুৰ্থীৰ ৰাতি শিৱসাগৰ জিলাৰ ৰজাবাহৰ নামে ঠাইৰ পৈতৃক ঘৰত মোৰ জন্ম হয়। মোৰ পিতৃৰ নাম মুক্তাৰাম বৰুৱা। তেও সংস্কৃত ভাষাৰ আৰু বৈদ্য শাস্ত্ৰৰ পাৰদৰ্শিতাৰ নিমিত্তে প্ৰখ্যাত আছিল। আমাৰ পূৰ্বৰ পুৰুষ সকলে অসম ৰজাৰ পৰা যি যি বিষয় পাইছিল, সেই বোৰৰ কথা লিখিবৰ সকাম নাই , কিযনো সেই কথাৰ অলপ চপ এই দেশৰ প্ৰায় সকলো লোকৰ জনা আছে। অসম ইৰাজৰ ৰাজ্য হোৱাৰ কিছুমান বছৰৰ মূৰত মুক্তাৰাম বৰুৱ। নিজ মিছামৰ। মৌজাৰ মৌজাদাৰ হয। আৰু মৰণ কাললৈকে সেই বিষয়কে ভোগ কবি আছিল।। তেও দুন ভন্যা বিযা কৰিছিল। প্ৰথম জনাই এটি পুতেকক সূণ্যৰ পোহবলৈ আনিযেই এই জগতৰ পৰা বিদায লোৱাত লৰাটি বুডমিকৰ পৰা প্ৰতি পালিত হৈ ডাঙ্গৰ হয়। তেওৰ নাম যোগেশ্বৰ আছিল। তেও বহুকাল সংসাৰৰ সুখ ভোগ কৰিবলৈ নেপালে, ১৮ বছৰ বযসত বিষাৰ জৰীৰ বান্ধ নৌলও'তেই বন্ধুবৰ্গক শোকব জুইত পেলাই জীবন এৰিলে। এই কালৰ ভিতৰতে তেও পিতাকৰ উত্তম শিক্ষাৰ, আৰু নিজৰ চোকা বুদ্ধিৰ গুণে সত ভাষা আৰু বৈদ্য বিদ্যাত বৰ পাৰ্গত হৈছিল। | যোগেশ্বৰৰ মৃত্যুৰ কিছু বছৰৰ আগেযে পিতৃযে মোৰ আইক বিয়া কৰাত তেও ৰ এটি কন্যা হোৱাৰ পাচত মই জন্ম ধবে।। অক জেষ্ঠৰ পৰকাল প্ৰাপ্তিৰ সমযত বছৰেকীয়া লৰা আছিলো। তেওক হেৰুৱাই পিতৃযে ইমান শোক পাইছিল যে মই বিদ্যা শিকিবৰ বযস পোৱাৰ কেইবা বছৰ পাচলৈকে মোৰ আগত শিক্ষাব নামকে মুলিযাইছিল। এই কাৰণে ৭ কি ৮ বছৰ মান ব্যসলৈকে মই লোকৰ মুখে শুনি বৰ্ণমালাৰ অখিব কেইটা মাতিব পৰা হোৱাত বাজে আন একোকে নেজানিছিলো, আৰু পোনেই মাকৰ গৰ্ভব পৰা ওলোৱা লৰাতকৈ আখৰেৰ সৈতে মোৰ অধিক চিনাকী নাছিল। কোনোৱে পিতৃক মোৰ শিক্ষাত ইমান আওহো কৰাৰ কাৰণ সুধিলে তেও এইদৰে কৈছিল সে “এটাক বহুত যত্নেবে বিদ্যা শিকোৱাৰ পৰা কি লাভ পালো কেৱল শোকৰ অগ্নিৰ তাপ দুগুণ হল মাথোন; শিক্ষাৰ অন্তত ইয়াৰে। তাৰ নিচিনা দশা হলে সেই জুইয়ে