সমললৈ যাওক

পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/১৮৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৬৮
অসমীয়া সাহিত্যৰ চানেকি।

গোঁসাইদেউৱে শুকান দমনা আৰু বন-মালা-পাতৰ মেৰ বান্ধি থকা ঢোঁৰাসাপটি যেন ঢোপ এধাৰি শৰায়েৰে আগবঢ়াই দিলে। ডাঙ্গৰীয়া এজন উঠন ভকত, নাম ঘৰত হৰিকীৰ্ত্তন কৰোঁতে প্ৰেমে ধৰি পেট-কামুৰীয়া মানুহৰ দৰে বাগৰি ফুৰে, ভোৰতালৰ কোবত ওচৰত থাকিবৰ মানুহৰ সাধ্য নাই। কিন্তু ভগৱন্ত হলে প্ৰসন্ন হৈ আগতে ওলায় হি। সাধু মহন্তত ডাঙ্গৰীয়াৰ বৰ ভক্তি বৈষ্ণৱৰ ধূলা নোলোৱাকৈ ডাঙ্গৰীয়াই ভোজনকে নকৰে, এই কাৰণ মহন্তক দেখিয়েই “নমঃকাৰ” কৰি নিৰ্ম্মালি শিৰত ললে, এনেতে আকৌ চকু মুদ গল।

  ডাঙ্গৰীয়াৰ টোপনি দেখি পাৰিষদ সকলে গোসাইদেউৰ সৈতে শাস্ত্ৰৰ আলাপ কৰিবলৈ ধৰিলে। গোঁসাই শাস্ত্ৰৰ কল্পতৰু, আই সৰস্বতীৰ ভতিজা পুতেক। শাস্ত্ৰৰ কথা শুনিলেই মুখ শুকাই কৰাই-খোলা যেন হয়, কথা কওঁতে জিভা দোৰোল নেখায়, এই দেখি কোনো মতে মান ৰাখি পলাবৰ উপাই চিন্তিছে; এনেতে ভকতচৰণ ডেকাবৰুৱাই মাত লগালে, “গোঁসাইদেউ! আমাৰ মনত এটা আশঙ্কা আছে। কোনোৱে তাক ভাঙ্গিব পৰা নাই, আপুনি কৃপা কৰি ভাঙ্গি দিয়ক।”

  গোঁসাই।—সজ, কোৱা যাওক ডাঙ্গৰীয়া।

  ভকত।—পৰমেশ্বৰৰ হাত কেই খনি?

  গো।—ভগৱন্ত চতুৰ্ভুজ, চাৰিখান হাত।

  ভকত।—ভাল, শাস্ত্ৰত লিখিছে, “শংখ, চক্ৰ, গদা, পদ্ম, কৰত তোমাৰ” পৰমেশ্বৰ যদি চতুৰ্ভুজ, তেন্তে শংখ, চক্ৰ, গদা, পদ্ম, এই চাৰিটি বস্তু চাৰি; হাতত লয়, পাছে কৰতখনিনো লয় কত?

  এই প্ৰশ্ন শুনি গোঁসাইদেউৰ ধাতু উৰিগল, তথাপি সাহত ভৰ দি বুলিলে, ‘ডাঙ্গৰীযা বাপু! এইটি কথা বুজিবলৈ এফেৰি টান হওঁতে হয়, তথাপি শাস্ত্ৰত লিখিছে ‘কৰত বজাৱত বেনু’ কৰত খনি ভগৱন্তে কাষলতিৰ তলত লয়।”

  এই কথা শুনি পাৰিষদ সকলে ঘোঁৰাৰ নিচিনাকৈ হিঁ হিঁ হিঁ কৰি উঠিছিল, কিন্তু সাধুজনক অপমান কৰাৰ বুজ পালে ডাঙ্গৰীয়াৰ খং উঠে বুলি ভয়ত মুখত সোপা দি হাঁহি ৰাখিলে গোঁসাইদেউৱে মহা লাজ পাই ডাঙ্গৰীয়া শয়ন কৰিছে, পাচে আহিমহঁক” বুলি লাহেকৈ “পলায়ধ্বং” কৰিলে।

——