পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/১৭৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অসমীয়া সাহিত্যৰ চানেকি।। এই দুয়ে ৰজাদেৱক দ্ৰোহ কৰি ঘাই লুইতৰ পাৰহৈ বামুন উজিৰ কোচৰ বাজখোৱাৰ তাত সোমালগৈ; এই তিনি ঘটনা একে বছৰতে সংঘটিত হয়। পাচে বাজাদেৱে ত্যাওকনখামক উজনি কলিয়াৰাজ্য দিলে। ৰূপ সন্দিকৈক কনখামৰ লগত ডিবক মুখত থাকিব দিলে। পাচে কনখামক তাৰ পৰা আনি বুঢ়াগোঁহাই পাতিলে, তাৱাইখেকক বুঢ়াগোহাই ভাঙ্গিলে, কাৰণ স্বৰ্গদেৱে তেওঁক এই বুলি কৈছিল, “তোমাৰ কেৰামতালি আৰু অসাৱধানতাত কোচে তামাক ৰণত জিনে, তোমাৰ নেমিত্তে আমি পূৰ্বৰ শশ্ৰম হেৰুৱালো।” ওল পৰিবৰ্তন;-লালি কাতেকেও (১৭, হিন্দুমতে ১৪৯১ ) সকৰ কাতিৰ দিনত বাজখোৱা মালামূল্য লস্কৰে ৰজাদেৱক দ্ৰোহ কৰিবলৈ আলচিলে। এদিন কোচ ৰজাই আমাৰ চুগাংকোৱৰক বুলিলে, “ভাই চুগাং, পাশা খেলে। অহা,” এই বুলি দুয়ো পাশা খেলাত প্ৰবৃত্ত হল। চুগাং কোৱৰে কুৰি ঢাল পাশ। জিকিল; এটালত জোৰ দহলাগি আছে। এনেতে কোচ ৰজাই কলে, “ভাই চুগাং, যদি জোৰ দহ মাৰিব পাৰ, সত্যে সত্যে সত্যে তিনি সইত খাই কৈছো তই যাকে খোজ, তাকে দিম। পাচে চুগাং কোৱৰে বিমুখে ঢালি জোৰ দহ পেলালে। পাচে কোচ ৰজাই কলে, “মই বচনে ঘাটিলো, মই দিও বুলিছো তই কি খোজ খোজ।” পাচে চুগাং কোৱৰে বোলে, “যদি দিবা, মোৰ লগত তহ মানুহে সৈতে মোক ৰাজ্যেলৈ পঠাই দিয়া, তাতে কোচ ৰজাই কলে, “ভাল মই বিদাই দিছো। তোমাৰ মানুহে সৈতে যোৱা, আৰু মোৰ মানুহো যাক তোমাৰ নিবৰ ইচ্ছা, তোমাৰ লগতে যক।” পাচে চুগাং কোৱৰে মানুহে সৈতে উজাই আহি ৰজাদেৱক সেৱা কৰি সপ্ৰপঞ্চে বাৰ্তা কলেহি। এই দৰে আমাৰ ৰজাদেৰে পূৰ্বে কোচ ৰজালৈ পঠোৱা ওল, ঘুৰি আমাৰ ৰাজ্যলৈ উভতি আহিল। পাচে ৰজাদেৱে উজিৰ বামুনকে, তপস্বী লঙ্কৰকে মাতি আনি ইঠাইতে ৰাখি থৈ, ত্যাংত্যাইৰ পুতেক লাইচুকক পঠাই মালামূল্য লঙ্কৰক ধৰি আনিব দিলে। পাচে সিবোৰেওগৈ লৰা তিৰোতা সহিতে সিহঁতক ধৰি আনিলে। পাচে উজিৰ আৰু তপস্বি লঙ্কৰক লোৱ মেলিলে। মালামূল্য লক্ষৰক টুক টুকৰকৈ কট। হল। ৰজাদেৱে আঘোনৰ দিনত তিনিজনা ডাঙ্গৰীয়াক পঠাই চিনাতলিত গৰ বান্ধিব দিলে, আৰু বৰগোহাঁইৰ পৰিয়ালৰ লাংগুণমোক ৰাজ নেওগ পাতিলে।